NEWS8 NE

‘বাংকু’ক গীটাৰ শিকাবা…! ফেচবুকত অন্তঃসত্বা পত্নীলৈ আবেগিক চিঠি লিখি আলফা (স্বা)লৈ গ’ল কংগ্ৰেছ নেতা জনাৰ্দন গগৈ

নিউজ ডেস্ক। জাতিৰ হকে আলফা স্বাধীনলৈ গ’ল তিনিচুকীয়াৰ জনাৰ্দন গগৈ!

ছ’চিয়েল মিডিয়াত পত্নীলৈ আবেগিক চিঠি লিখি সশস্ত্ৰ সংগ্ৰামলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে জনাৰ্দনে।

উল্লেখ্য যে, তিনিচুকীয়া যুৱ কংগ্ৰেছৰ উপ সভাপতিৰূপে কাৰ্যৰত আছিল জনাৰ্দন গগৈ। কিন্তু ৰাজনৈতিক কুটিলতা, অসমীয়া জাতিৰ প্ৰতি নামি অহা দুৰ্যোগ সহিব নোৱাৰি স্বাধীনতাৰ জন্মস্বত্বঃ অধিকাৰ বিচাৰি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱা বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

সামাজিক মাধ্যম ফেচবুকত অন্তঃসত্বা পত্নী ৰিমালৈ এখন আবেগিক চিঠি লিখে জনাৰ্দন গগৈয়ে।

চৰকাৰ, প্ৰশাসন তথা ৰাজনৈতিক দলৰ প্ৰতি ক্ষোভ উজাৰি নিজৰ মাটিতেই প্ৰতাড়না আৰু শোষণৰ বলি হোৱা সহজ সৰল অসমীয়াৰ হকে তেওঁ সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি ল’বলৈ বাধ্য হোৱা বুলি মন্তব্য কৰে নেতাজনে।

ফেচবুকত জনাৰ্দনে লিখিছে- ”… বছৰ বছৰ ধৰি নিজ মাটিতেই প্ৰতাৰণা আৰু শোষণৰ বলি হোৱা সহজ সৰল আপোন মানুহখিনিৰ দুখ যান্ত্ৰনা খিনি দেখি বুজিও হাত সাৱটি বহি থাকিব নোৱাৰিলোঁ। কাৰণ পূৰ্বপুৰুষ সকলে আমাক বীৰ জাতিৰ সন্তান হিচাপে পৰিচয় দি গৈছে। জাতিৰ এই দুৰ্দিনৰ সময়ত আমি যদি হাত সাৱটি বহি থাকো তেন্তে পূৰ্বপুৰুষ সকলৰ আত্মাই শান্তি নাপাব। আনহাতে গণতন্ত্ৰৰ নামধাৰী এই চৰকাৰ খনে সাধাৰণ ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদক কেতিয়াও গুৰুত্ব নিদিয়ে। জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে, জাতিৰ হেৰুওৱা স্বাধিকাৰ আৰু স্বাভিমান ঘূৰাই আনিবলৈসশস্ত্ৰ সংগ্ৰামৰ বিকল্প নাই। এই সংগ্ৰামত বহুতে বহু ত্যাগ দিলে, আমিও দিব লাগিব। জাতিৰ স্বাধিকাৰ ঘূৰাই নোপোৱা পৰ্যন্ত; দেহত অসমীয়াৰ তেজ থকা শেষজন ব্যক্তি জীয়াই থকা লৈকে এই সংগ্ৰাম চলি থাকিব…।’’

তেওঁ আকৌ লিখিছে, ”… চৰকাৰ-প্ৰশাসন, বিৰোধীৰ লগতে সকলো দল-সংগঠনে অসমীয়া জাতিটোৰ কথা সঁচা অৰ্থত ভবা হ’লে আমাৰ জাতিটোৰ এই লাওলোৱা অৱস্থা কেতিয়াও নহ’ল হয়৷ ৰাজনীতিৰ পথাৰখনত ভাটৌ চৰাইৰ দৰে থাকি জাতিটোক তিল তিল কৈ মৃত্যুৰ দুৱাৰ দলিলৈ ঠেলি দি নিজকে অৱসৰ বিনোদনত মগ্ন কৰোৱাবলৈ মই নোৱাৰিম…৷’’

পত্নীৰ গৰ্ভত থকা ‘বাংকু’ক গীটাৰ শিকাবলৈও পত্নীক আহ্বান জনায় জনাৰ্দনে। বিপ্লৱী আদৰ্শৰে যাতে সন্তানটোক শিক্ষা দিয়ে, মাতৃৰ যাতে যতন লয়, তাৰ বাবেও পত্নীক ফেচবুকৰ চিঠিখনেৰে আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে।

শেষত তেওঁ লিখিছে, ”… আহিব লগাটোক কবা ভুল নুবুজিবলৈ, তাৰ দেউতাই স্বদেশ আৰু স্বজাতিৰ মুকুতিৰ যুঁজলৈ গৈছে! দেশ আৰু জাতিৰ বাবে এই সিদ্ধান্ত লবলৈ মই বাধ্য। কাৰণ অন্যায় সহি থাকিব পৰাকৈ ধৈৰ্য শক্তিকণ ইশ্বৰে মোক নিদিলে। সাহসী হোৱা, আত্মবিশ্বাসী হোৱা, এদিন নহয় এদিন আমি আমাৰ যুঁজত জয়ী হৈ উদিত সূৰুজৰ পতাকাৰ তলত মুক্তভাবে উশাহ লম ৷ জীয়াই থকা লৈকে সকলোৰে খবৰ ৰাখিম মই।’’

কংগ্ৰেছ এৰি আলফা (স্বাধীন)লৈ যোৱা জনাৰ্দন গগৈৰ এই ফেচবুকৰ চিঠিখনৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, বিগত কিছু সময়ৰ ভিতৰত ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে বাচি লৈছে সশস্ত্ৰ সংগ্ৰামৰ পথ। শেহতীয়াকৈ অসমৰ ৫ জনকৈ যুৱক আলফাত যোগদান কৰা বুলি চৰ্চা চলিছিল।

Exit mobile version