বাংগালুৰুত সাম্প্ৰদায়িক সংৰ্ঘষঃ ৰক্তাক্ত পৰিৱেশৰ মাজতো পহৰা দি মুছলমান যুৱকে ৰক্ষা কৰিলে মন্দিৰ !

বাংগালুৰুত সাম্প্ৰদায়িক সংৰ্ঘষঃ ৰক্তাক্ত পৰিৱেশৰ মাজতো পহৰা দি মুছলমান যুৱকে ৰক্ষা কৰিলে মন্দিৰ !

August 13, 2020 0 By NEWS DESK

এটা ফেচবুক পোষ্টৰ পিছতেই বাংগালুৰুত সৃষ্টি হ’ল সাম্প্ৰদায়িক সংঘৰ্ষ ।

কংগ্ৰেছ বিধায়ক শ্ৰীনিৱাস মূৰ্তিৰ এগৰাকী আত্মীয়ৰ এটা বিৰ্তকিত ফেচবুক পোষ্টৰ পিছত কৰ্ণাটকৰ ৰাজধানী নগৰ বাংগালুৰুত সাম্প্ৰদায়িক সংঘৰ্ষই ললে ভয়ংকৰ ৰূপ ।

ইয়াৰ মাজতে বাংগালোৰত মঙলবাৰে ৰাতি সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ এটা ভিডিঅ’ চৰ্চালৈ আহিছে ৷

ৰক্তাক্ত সংঘৰ্ষৰ মাজতো গোটেই ৰাতি পহৰা দি একাংশ মুছলমান যুৱকে এটা মন্দিৰ ৰক্ষণাৱেক্ষণ দিয়া দৃশ্য ভিডিঅ’টোত পৰিলক্ষিত হৈছে ৷

সংবাদগোষ্ঠী ANI য়ে টুইট কৰি এই ভিডিঅ’ প্ৰচাৰ কৰিছে ৷ 

ANIয়ে লিখিছে- ‘এদল মুছলমান যুৱকে মানৱ শৃঙ্খল গঢ়ি তুলি ডি জে হালি আৰক্ষী চকীৰ সমীপত থকা এটা মন্দিৰত যাতে কোনোৱে আক্ৰমণ কৰিব নোৱাৰে, তাৰ ব্যৱস্থা কৰিছে ৷’

উল্লেখ্য যে, কৰ্ণাটকৰ বাংগালুৰুত মঙ্গলবাৰে এটা বিবাদিত ফেচবুক পোষ্টক লৈ হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছিল ।

বৰ্ত্তমানলৈকে এই ঘটনাৰ ফলত ৩ জন লোকৰ মৃত্যু হৈছে আৰু ৬০ জনতকৈ অধিক আৰক্ষী আহত হৈছে।

আনহাতে প্ৰায় ১১০ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।