বাইকৰ ওপৰত মানুহ নহয় মানুহে কান্ধত উঠাই পাৰ কৰিলে বাইক

বাইকৰ ওপৰত মানুহ নহয় মানুহে কান্ধত উঠাই পাৰ কৰিলে বাইক

September 9, 2020 0 By NEWS DESK

আৰিফ আহমেদ। বাইকৰ ওপৰত মানুহ নহয়, মানুহে কান্ধত উঠাই পাৰ কৰিলে বাইক ৷

এই দৃশ্য বাক্সা জিলাৰ তামুলপুৰ-ধমধমা পথৰ জাৰতালুকৰ ৷

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা ভূটানত হোৱা প্ৰবল বৃষ্টিপাটৰ বাবে ভূটানৰ পাদদেশৰ পৰা পাগলাদিয়াৰ বুকুয়েদী বৈ অহা পানীৰ ঢলে পাগলালাদিয়াৰ ভগ্ন মথাউৰিয়েদি  সোমাই জাৰতালুক, গোৱালবিল, গড়ভিতৰ আদি বহু  অঞ্চল  প্লাৱিক কৰিছে।

লগতে পূৰ্বতে চিঙি থকা তামুলপুৰ-ধমধমা পথ পানীত বুৰ যোৱাত বন্ধ হৈ পৰিছে যাতায়ত।

ইয়াৰ ফলত ভীষণ সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী।