NEWS8 NE

বাইক ষ্টান্ট কৰি বিপদত পৰিল এজন যুৱক! এজন IPS বিষয়াই শ্বেয়াৰ কৰিলে ভিডিঅ’

নিউজ ডেস্ক। এটা বাইক ষ্টান্টৰ ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল, যিটো ভয়ংকৰ দৃশ্য ২৫ মাৰ্চৰ দিনা টুইটাৰত শ্বেয়াৰ কৰিছে এগৰাকী জ্যেষ্ঠ আই পি এছ বিষয়া দিপাংশু কাব্রাই।

দৃশ্যটোত দেখা অনুসৰি, ষ্টান্টৰ উদ্দেশ্যে এজন যুৱকে ৰাজপথত চলন্ত অৱস্থাত মটৰ চাইকেলৰ চীটৰ ওপৰত উঠি হাত এৰি থিয় হ’বলৈ চেষ্টা কৰিছে।

যুৱকজনে থিয় হবলৈ লওঁতেই ভাৰসাম্য হেৰুৱাই হঠাতে পৰি যায় পথত। পিঠি আৰু মূৰত আঘাত পায় যুৱকজনে। অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে যুৱক জনৰ। চাওক ভিডিঅ’

এই ভিডিঅটো শ্বেয়াৰ কৰি আই পি এছ বিষয়া দিপাংশু কাব্রাই লিখে যে, “আপুনি আপোনাৰ সন্তান বা বন্ধুৰ লগত এনে হ’লে সহ্য কৰিব পাৰিবনে? যদি নোৱাৰে, তেন্তে এনে কাৰ্য বন্ধ কৰক। তেওঁলোকক নিৰাপদ হ’বলৈ আৰু ট্ৰেফিক আইন মানি চলিবলৈ শিকাৱক। সামাজিক মাধ্যমত এনে দৃশ্য শ্বেয়াৰ কৰি মূৰ্খামিৰ পৰিচয় নিদিব।”

লগতে চাওকঃ

ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে ৪ দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘােষণা ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপালৰ

IIT Delhi ৰ চমক! ২੦ পইচাত ১ কিলােমিটাৰ চলিব পৰা ইলেকট্ৰিক স্কুটাৰ HOPE উদ্ভাৱন

চেনিটাইজাৰ! আৰক্ষী থানা গোচৰ দিবলৈ যােৱা লােকক অ’চিয়ে উপহাৰ দিয়ে গংগাজল

অৰুণাচল প্ৰদেশৰ দুৰ্গম সীমান্তত ছাত্ৰ-ছাত্ৰীৰ দেশপ্ৰেম মূলক গান ভাইৰেল! প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Exit mobile version