বাঘজানত পুনৰ অঘটন ! অগ্নি নিৰ্বাপনৰ কামত ব্যস্ত হৈ থাকোতেই  মৃত্যুক সাৱটিলে অইলৰ অভিযন্তাই…

বাঘজানত পুনৰ অঘটন ! অগ্নি নিৰ্বাপনৰ কামত ব্যস্ত হৈ থাকোতেই মৃত্যুক সাৱটিলে অইলৰ অভিযন্তাই…

September 9, 2020 0 By NEWS DESK

বাঘজানত পুনৰ অঘটন।

১০৫দিন ধৰি জুই জ্বলি থকা বাঘজানত সংঘটিত হ’ল আন এক অঘটন।

বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ গৈ শোকাৱহ মৃত্যুক আকোঁৱালি ল’লে অইলৰ এজন অভিযন্তাই।

অভিযন্তাজনৰ নাম অৰ্ণৱ বৰদলৈ।বয়স ২৫ বছৰ।

অইল ইণ্ডিয়াৰ ইলেক্ট্ৰিক বিভাগৰ অভিযন্তা আছিল অৰ্ণৱ বৰদলৈ।

সন্ধিয়াৰ ভাগত কাম কৰি থকাৰ সময়তে বৈদ্যুতিক শ্বক লাগি গুৰুতৰভাৱে আহত হোৱাৰ পিছতে তেওঁক নিয়া হৈছিল ডিব্ৰুগড়লৈ।

কিন্তু ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত অভিযন্তাগৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে।

 যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বি.ইডি ডিগ্ৰী গ্ৰহণ কৰা অৰ্ণৱ বৰদলৈ আছিল ঘৰৰ একমাত্ৰ সন্তান। যোৰহাটৰ তিতাবৰত ঘৰ আছিল অৰ্ণৱ বৰদলৈৰ।

এবছৰৰ পূৰ্বে অইল ইণ্ডিয়াত যোগদান কৰিছিল অৰ্ণৱে।

বাঘজানত অগ্নিনিৰ্বাপনৰ কামত ব্যস্ত হৈ থকা মাজতে এইদৰে এই যুৱ অভিযন্তাগৰাকীয়ে অকাল মৃত্যুক সাৱটি লোৱাৰ পাছত ঘৰত সৃষ্টি হৈছে হাঁহাকাৰ পৰিৱেশ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও বাঘজানৰ এই অগ্নিকাণ্ডত অইল ইণ্ডিয়াৰ দুজন কৰ্মীৰ মৃত্যু হৈছিল।