Site icon NEWS8 NE

বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ৯, আহত ২৭

এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত হয় ৯ জন লোক। তাৰ বিপৰীতে আহত হয় প্ৰায় ২৭ জন লোক। এই ঘটনা বৃহস্পতিবাৰে পুৱা সংঘটিত হয় উত্তৰ প্ৰদেশৰ বাৰাবাংকীৰ বাবুৰাহিয়া গাঁৱৰ ওচৰৰ কিষাণ পথত।

খবৰ অনুসৰি, যাত্ৰী সহ দিল্লীৰ পৰা আহি আছিল বাছখন। পুৱা ৪.৪৫ বজাত দেৱ কোতৱালী অঞ্চলৰ মিট্টি চকীৰ অন্তৰ্গত বাবুৰিয়া গাঁৱৰ মাজেৰে যোৱা কিষাণ পথত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে তীব্ৰ মুখামুখি সংঘৰ্ষ হয় বাছখনৰ।

সংঘৰ্ষটো ইমানেই তীব্ৰ আছিল যে বাছখন আৰু ট্ৰাকৰ বিভিন্ন অংশ উৰি গৈছিল। চাৰিওফালে চিঞৰ-বাখৰৰ শব্দই কিষাণ পথৰ নীৰৱতা ভাঙি পেলাইছিল।

ঘটনাৰ পিছতেই আৰক্ষী অধীক্ষক যমুনা প্ৰসাদৰ লগতে আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে আঘাতপ্ৰাপ্ত লোকসকলক আনান-ফানন জিলা চিকিৎসালয়লৈ স্থানান্তৰিত কৰে। গুৰুতৰভাৱে আহত কেইবাজনোলোকক ট্ৰমা চেণ্টাৰ লক্ষ্ণৌলৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, এতিয়ালৈকে প্ৰায় ৯ জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। আহতসকলক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এতিয়ালৈকে মুঠ মৃত্যুৰ সংখ্যা নিশ্চিত হোৱা নাই।

সকলো আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতহে পৰিস্থিতি পৰিষ্কাৰ হ’ব। বাছখন দিল্লীৰ পৰা বাহৰাইচ শ্বৰীফলৈ গৈ আছিল।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বাৰাবাংকী পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি শোক প্ৰকাশ কৰে।

তেওঁ মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে আহতসকলক সঠিক চিকিৎসা প্ৰদান কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত লোকসকলক সকলো সম্ভাৱ্য সহায় আৰু সকাহ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰোপৰি তেওঁ মৃতকক দুই লাখ টকা আৰু আহতসকলক ৫০,০০০ টকা প্ৰদানৰ কথা ঘোষণা কৰে।

Exit mobile version