Site icon NEWS8 NE

বানৰ মাজতে সম্পন্ন হ’ল বিয়া, নাৱেৰে ঘৰলৈ যাত্ৰা দৰা-কইনাৰ

নিউজ ডেস্ক। এক ব্যতিক্ৰম বিবাহ। বিবাহৰ আয়োজন চলিছিল ধুমধামেৰে। কিন্তু হঠাতে অহা বানৰ বাবে তেওঁলোক পৰিল বিপাঙত।

তথাপিও আয়োজন কৰিলে বিবাহ। যাৰ ফলত দৰাই কইনা আনিবলৈ গ’ল নাৱত। আৰু নাৱত উঠিয়েই কইনা আহিল দৰাৰ ঘৰলৈ।

এই ঘটনা পশ্চিম বংগৰ হাওৰাৰ উদয়নাৰায়ণপুৰৰ আমটা ব্লকৰ।

জানিব পৰা মতে, বিবাহখনৰ দৰা আছিল চিৰঞ্জীত পাত্ৰ। আৰু কইনা আছিল দক্ষিণ ৰামচন্দ্ৰপুৰৰ চাইনি পাত্ৰ।

বহুদিন পূৰ্বেই ৫ আগষ্টত ঠিক হৈছিল তেওঁলোকৰ বিবাহ। সেই অনুসৰি দুয়ো পক্ষৰে তেওঁলোকৰ বিবাহৰ চলিছিল আয়োজন।

দুয়োঘৰেই অগ্ৰিম ধন দিছিল পেণ্ডেল, বেণ্ড পাৰ্টী, কাৰিকৰৰ। সকলো ঠিকেই আছিল। কিন্তু বিবাহৰ পূৰ্বে হোৱা প্ৰচুৰ বৰষুণৰ বাবে দামোদৰ ঘাটি বান্ধে এৰি দিলে বান্ধৰ পানী। যাৰ ফলত পানীৰে উপচি পৰিল দৰাৰ ঘৰ।

পৰিস্থিতি দেখি দুয়ো ঘৰৰ পৰিয়ালৰ লোকে পিচুৱাবলৈ বিচাৰিছিল বিবাহখন। কিন্তু মান্তি নহল দৰা-কইনা। যাৰ ফলত পৰিয়ালৰ সকলোৱে তেওঁলোকৰ ইচ্ছাত সেও মানি অনুষ্ঠিত কৰিলে বিবাহ।

বিবাহত উপস্থিত থাকিলে মাত্ৰ ১৫ জন লোক। নাৱতে দৰা গৈ পালেগৈ দক্ষিণ ৰামচন্দ্ৰপুৰ। আৰু কইনা দৰাৰ ঘৰলৈ উঠি আহিলে নাৱত।

এই সন্দৰ্ভত কইনাই কয় যে, “এনেকুৱা হ’ব বুলি ভবা নাছিলো। ভালদৰেই বিয়া পাতিম বুলি ভাবিছিলো। গাড়ীতেই আহিম বুলি ভাবিছিলো। কিন্তু পৰিস্থিতিয়ে এনে কৰিলে। গতিকে পৰিস্থিতি অনুসৰি কাম কৰিবলৈ আমি বাধ্য।”

Exit mobile version