NEWS8 NE

বালিজান পাহাৰত হাতত কেটেপা লৈ চিকাৰীৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী…

নিউজ ডেস্কঃ এইবাৰ হাতত কেটেপা লৈ চিকাৰীৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী।

একালৰ কংগ্ৰেছী নেতা তথা বৰ্তমানৰ বিজেপি বিধায়কগৰাকীয়ে অসম-নাগালেণ্ড সীমান্তৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বালিজান পাহাৰত হাতত কেটেপা লৈ ফুৰা ফটো-ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

বিধায়কজনৰ পিছে পিছে হাতত কেটেপা লৈ আগবাঢ়িছে আন এটা যুৱকৰ দলো।

দৰাচলতে হাতত কেটেপা লৈ এনেদৰেই অক্টোবৰ মাহৰ শেষত অনুষ্ঠিত হ’বলগীয়া স্লিংশ্বট প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

উল্লেখ্য যে, অসম স্লিংশ্বট সন্থাৰ আহ্বানত আৰু যোৰহাট শাখাৰ উদ্যোগত অহা ২৯ আৰু ৩০ অক্টোবৰত মৰিয়নীৰ বালিজান পাহাৰত অনুষ্ঠিত হ’ব স্লিংশ্বট প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাখনৰ আহ্বায়ক হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মী।

সেয়ে দেওবাৰৰ দিনটোত তেওঁক হাতত কেটেপা লৈ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা দেখা যায়।

Exit mobile version