বালি কঢ়িওৱা ট্ৰাকে মহটিয়ালে দুখন বাইক-চাইকেল, নিহত ৩

বালি কঢ়িওৱা ট্ৰাকে মহটিয়ালে দুখন বাইক-চাইকেল, নিহত ৩

September 9, 2020 0 By NEWS DESK

তীব্ৰবেগী ট্ৰাকৰ বাবেই প্ৰাণ হেৰুৱালে ৩ জন লােকে।

দৰং জিলাৰ খাৰুপেটীয়াৰ বালুগাৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই দুৰ্ঘটনা।

বালুগাঁৱৰ সাপ্তাহিক বজাৰৰ ব্যস্ত ৰাজপথত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

বালি ভৰ্তি ট্ৰাকে (AS 01 DD 6333) মহটিয়াই নিলে পালছাৰ (AS 13K 3547) আৰু ছুপাৰ স্পীলিণ্ডাৰ (AS 13K 7610) দুখন বাইক আৰু চাইকেল।

দুৰ্ঘটনাৰ ফলত নিহত ৩, গুৰুতৰভাৱে আহত ২ জন লােক।

মৃত বাইক আৰোহী ক্ৰমে আজিজুৰ ৰহমান (40, ৰৌতা জাকুৱা পাৰা), জালালুদ্দিন (40, দলগাও জামালপুৰ)।

আহত ক্ৰমে ফুলৰুদ্দিন (45) তথা ইচুফ আলি (40)।

ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

ঘটনাস্হলীত উত্তেজিত ৰাইজে বহু সময় অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ।

পিচত ঘটনা স্থলীত দলগাঁও ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।