Site icon NEWS8 NE

বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত আহত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ দেহাৱসান

নিউজ ডেস্ক। যােৱা ৮ ডিচেম্বৰত তামিলনাডুৰ কুন্নুৰত সংঘটিত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ জীৱিত ব্যক্তি গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যু।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বৰুণ সিঙ শেহতীয়াকৈ বাংগালুৰু স্থিত বায়ু সেনাৰ কামাণ্ড হাস্পতালত চিকিৎসাধীন হৈ আছিল।

বিগত ৭ দিনে মৃত্যুৰ সৈতে যুঁজ দি তেওঁ বুধবাৰে পুৱা শেষ নিস্বাস ত্যাগ কৰে। এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ভাৰতীয় বায়ু সেনাই।

বায়ুসেনাই টুইট কৰি জােৱানজনলৈ শ্ৰদ্ধাঞ্জলি জনােৱাৰ লগতে আত্মীয়বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে মৃত্যুৰ সময়ত জােৱানজনে পিতৃ-মাতৃ, পত্নী, দুই সন্তানক ইহ সংসাৰত এৰি থৈ যায়।

পৰিয়ালৰ সৈতে বৰুণ সিঙ

বৰুণ সিঙ এটা সৈনিক পৰিয়ালৰে সদস্য আছিল। ৩৯ বছৰীয়া জােৱানজনৰ পিতৃ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল।

তেওঁৰ ভাতৃ বৰ্তমান ভাৰতীয় নৌবাহিনীত কৰ্মৰত।

মধ্য প্ৰদেশৰ ভুপালৰ বাসিন্দা তথা দুই সন্তানৰ পিতৃ বৰুণ সিঙৰ মৃত্যুত শােকত ভাগি পৰিছে তেওঁৰ আত্মীয়-স্বজন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ মৃত্যুৰ গভীৰ শােক প্ৰকাশ কৰিছে।

উল্লেখ্য যে ভাৰতৰ সামৰিক বাহিনীৰ মুৰব্বী বিপিন ৰাৱাটৰ সৈতে অভিশপ্ত হেলিকপ্টাৰখনত যাত্ৰা কৰিছিল।

দুৰ্ঘটনাৰ দিনাই বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ ১৩ জন সামৰিক বাহিনীৰ লােকে এই শােকাৱহ দুৰ্ঘটনাত প্ৰাণ ত্যাগ কৰিছিল।

লগতে চাওকঃ

মৰ্মান্তিক! স্কুটীৰে ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল চুফিয়াৰ

Exit mobile version