NEWS8 NE

বাৰিষাৰ মাজতে পতাকা উত্তােলন কৰিবলৈ গৈ ঘটিল ভয়ংকৰ ঘটনা, একেটা পৰিয়ালৰে ৩ ভাতৃ-ভগ্নীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

নিউজ ডেস্ক। দেশজুৰি স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিৰ মাজতে দেওবাৰে নিশা সংঘটিত হ’ল এক কৰুণ ঘটনা।

বাৰিষাৰ মাজতে ঘৰৰ ছাদৰ ওপৰত পতাকা উত্তােলন কৰিবলৈ গৈ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যুক সাৱটিবলগীয়া হ’ল একেটা পৰিয়ালৰে ৩ ভাতৃ-ভগ্নীয়ে।

এই শােকাৱহ ঘটনা সংঘটিত হ’ল ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত।

জানিব পৰা মতে, কানকে আৰক্ষী থানাৰ অন্তৰ্গত আৰ্চাণ্ডে ৰাইচ মিলৰ ওচৰৰ বাসিন্দা ৩ ভাতৃ-ভাগ্নীয়ে নিজৰ ঘৰৰ ছাদত ত্ৰিৰংগ পতাকা লগোৱাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত‍্যুমুখত পৰে।

মৃতসকলক শিৱ কুমাৰ ঝাৰ পুত্ৰ বিনীত কুমাৰ ঝা (২৩), কন্যা পূজা ঝা (২৫) আৰু বিনীতৰ সম্পৰ্কীয় ভগ্নী আৰতি ঝা (২৪) বুলি চিনাক্ত কৰা হৈছে।

ঘটনাটোৰ পিছত ঘটনাস্থলীত বিৰাজ কৰে তীব্ৰ শােক।

ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

জানিব পৰা মতে, পৰিয়ালৰ লােকে ঘৰৰ কাষৰে পৰা যােৱা ১১০০০ ভল্টৰ বিদ‍্যুৎ পৰিবাহী তাঁৰ আঁতৰাবলৈ কেইবাবাৰো বিদ্যুৎ বিভাগত আবেদন কৰিছিল যদিও বিদ‍্যুৎ বিভাগে কোনো ব্যৱস্থা লোৱা নাছিল।

পৰিয়ালৰ তিনিও জন সন্তানৰ মৃত্যু হোৱাৰ পিছত পৰিয়ালটো শােকত ভাগি পৰিছে।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনেও ঘটনাটোত শোক প্ৰকাশ কৰিছে।

ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে কয় যে নিশা তিনিওজনে ত্ৰিৰংগ পতাকাখন ছাদত লগাবলৈ যাওঁতে দুৰ্ভাগ‍্যৱশতঃ ১১০০০ হাজাৰ ভল্টৰ বিদ‍্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাত প্ৰথমে বিনীত বিদ‍্যুৎপৃষ্ট হয়।

এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতে সেই সময়ত তাত উপস্থিত থকা বিনীতৰ দুয়োগৰাকী ভগ্নীয়ে বিনীতক বচাবলৈ যাওঁতে তেওঁলোকো বিদ্যুৎস্পৃষ্ট হয়।

এই ঘটনাত তিনিও জনৰে ঘটনাস্থলীতে মৃত্যু ঘটে বুলি পৰিয়ালৰ লােকে প্ৰকাশ কৰিছে।

লগতে চাওকঃ

ভাৰতীয় সেনাত যোগদান কৰি দেশ মাতৃৰ সেৱা কৰিব বিচাৰিছিল মাইনাই, সেই সপোন বাস্তৱায়িত নহ’লেও এতিয়া টেম্প’ চলাই এনেদৰে কৰিছে দেশৰ সেৱা….

Exit mobile version