বিজেপিয়ে পৰিচালনা কৰিছে মৌলানা বদৰুদ্দিন আজমলকঃ দুলু আহমেদ

বিজেপিয়ে পৰিচালনা কৰিছে মৌলানা বদৰুদ্দিন আজমলকঃ দুলু আহমেদ

October 11, 2020 0 By NEWS DESK

ডবকা। ৰিপুণ বৰাৰ সৈতে মুকলি সংঘাতত লিপ্ত হৈ কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হােৱা হাজােৰ সদ্য প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদে এইবাৰ সমালােচনা কৰিছে মৌলানা বদৰুদ্দিন আজমলক।

হােজাইত এখন সভাত অংশগ্ৰহণ কৰিবলৈ যােৱাৰ পথত ডবকাত সাংবাদিকৰে হােৱাৰ সাক্ষাৎকাৰত দুলু আহমেদে কেতবােৰ বিস্ফােৰক মন্তব্য প্ৰকাশ কৰে।

কংগ্ৰেছৰ দলৰ শীৰ্ষ নেতৃত্বৰ অদূৰদৰ্শী কৰ্মকাণ্ডৰ বাবে দল দুৰ্বল হৈ পৰিছে বুলি তেওঁ মন্তব্য কৰে।

This image has an empty alt attribute; its file name is vlcsnap-2020-10-11-15h24m57s177.png
দুলু আহমেদ

কংগ্ৰেছ-এআইইউডিএফ দলৰ সম্ভাব্য মিত্ৰতা প্ৰসংগত মন্তব্য কৰি তেওঁ কয় যে এই মিত্ৰতাই পূৰ্ণতা লাভ নকৰে।

জানুৱাৰী মাহত মৌলানা বদৰুদ্দিন আজমলে কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন অভিযােগ আনি মিত্ৰতাৰ পৰা আঁতৰি আহিব বুলি তেওঁ দাবী কৰে।

দুলু আহমেদে মুকলিকৈ অভিযােগ কৰি কয় যে দৰাচলতে আজমলে বিজেপিৰ হৈ কাম কৰি আছে।

বিজেপিৰে গােপন বুজাবুজিৰে আজমলে দলটােক সহায় কৰি আছে।

আজমলে ধৰ্মৰ নামত ৰাজনৈতিক কৰিছে বুলি স্পষ্টকৈ মন্তব্য কৰে যুৱ নেতা দুলু আহমেদে।

দুলু আহমেদে প্ৰকাশ কৰা মন্তব্যৰ ভিডিঅ’ চাওঁকঃ