বিজেপিয়ে ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যজুৰি পৃষ্ঠপ্ৰমুখৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সম্ভাৱনা !

বিজেপিয়ে ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যজুৰি পৃষ্ঠপ্ৰমুখৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সম্ভাৱনা !

August 26, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজত।

নিৰ্বাচনৰ বাবে বিভিন্ন আঁচনিৰ ঘোষণাৰে একপ্ৰকাৰ সাজু হৈছে শাসকীয় দল বিজেপি।

ইতিমধ্য নিৰ্বাচনী প্ৰচাৰ চলাবলৈও সাজু হৈছে অসম বিজেপি।

এই নিৰ্বাচনকেন্দ্ৰিক পৰিৱেশৰ মাজতে গুৱাহাটীত আহি উপস্থিত হৈছেহি বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডি এল সন্তোষ।

মূলতঃ নিৰ্বাচনী ৰণনীতি প্ৰস্তুতৰ বাবেই শাসকীয় দলটোৰ নেতৃত্বৰে বৈঠকত মিলিত হব কেন্দ্ৰীয় নেতাগৰাকী।

বুধবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।

জানিব পৰা মতে, বিজেপিয়ে ১ ছেপ্তেম্বৰৰ পৰাই ৰাজ্যজুৰি পৃষ্ঠপ্ৰমুখৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে।