বিজেপিৰ ৰজা ঘৰ এৰি শুক্ৰবাৰে অগপত যোগদান কৰিব কল্পনা পাটোৱাৰীয়ে !

বিজেপিৰ ৰজা ঘৰ এৰি শুক্ৰবাৰে অগপত যোগদান কৰিব কল্পনা পাটোৱাৰীয়ে !

October 9, 2020 0 By NEWS DESK

বিজেপিক বিদায় দি অগপলৈ যাব কল্পনা পাটোৱাৰী।

শুক্ৰবাৰে আমবাৰীত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগ দিব কল্পনা পাটোৱাৰীয়ে।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে পাটনাত অমিত শ্বাহ আৰু বিহাৰৰ তেতিয়াৰ উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডীৰ উপস্থিতিত বিজেপিত যোগদান কৰে ভোজপুৰী ৰাণী খ্যাত কল্পনা পাটোৱাৰীয়ে।

অসম বিজেপিৰ কাৰ্যালয়তো দেখা গৈছিল শিল্পী গৰাকীক।

 সভাপতি অতুল বৰাৰ উপস্থিতিত যোগ দিব কল্পনা পাটোৱাৰীয়ে।

আনহাতে দুই-এদিনতে অসমৰ সকলোতকৈ পুৰণি আঞ্চলিক দলটোত যোগদান কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীও।