বিজেপি দলক ৱাচিং মেচিনৰ লগত তুলনা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ !

বিজেপি দলক ৱাচিং মেচিনৰ লগত তুলনা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ !

October 8, 2020 0 By NEWS DESK

অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ বাচনি পৰীক্ষাৰ ক্ষেত্ৰত হোৱা কেলংকাৰীৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইবাৰ বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ।

সাংসদ গগৈয়ে সকলো এক প্ৰকাৰৰ নাটক আখ্যা দিয়াৰ লগতে বিজেপি দলটোক ৱাচিং মেচিনৰ লগতে তুলনা কৰে।

গগৈয়ে কয়- ‘পি কে দত্তক আটক কৰাটো এখন নাটক। দিবন ডেকাকো ধৰিছে, কি ওলালে। বিজেপি এটা ৱাশ্বিং মেছিন।’

লগতে সাংসদ গগৈয়ে কয় – ‘যি সকল কেলেংকাৰীৰ লগত জড়িত তেওঁলোকে বিজেপি দলত ৰক্ষণাবেক্ষন পায় আৰু অলপ দিন পিছত তেওলোকে হিৰো হৈ যায়।’

পিকে দত্ত যেতিয়া অসমত আছিলে তেতিয়াওতো কাৰোবাৰ হাতত ৰিম’ৰ্ট কন্ট্ৰল আছিলে । ৰিম’ৰ্ট কন্ট্ৰল থকা মানুহ জনক বিচাৰিব লাগে । চিবিআই অথবা ন্যায়িক তদন্ত হ’ব লাগে এই কেলেংকাৰীৰ । তেতিয়াহে বাস্তৱ কথা ওলাই আহিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে।