বিজেপি দলে মোক যি দায়িত্ব দিব মই পালন কৰি যাবলৈ ইচ্ছুকঃ ৰাজ্যপাল

বিজেপি দলে মোক যি দায়িত্ব দিব মই পালন কৰি যাবলৈ ইচ্ছুকঃ ৰাজ্যপাল

August 14, 2020 0 By NEWS DESK

এজন ৰাজ্যপালে মন মেলিছে সক্ৰিয় ৰাজনীতিলৈ।

আগন্তুক ২০২১ ৰ পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰিছে তেওঁ।

সেই উদ্দেশ্যেৰে তেওঁ সংবাদ মাধ্যমত আগতাে মুকলিকৈ মন্তব্য কৰিছে কৈছে- ‘দলে মোক যি দায়িত্ব পালন কৰিবলৈ কয় মই কৰি যাবলৈ আগ্ৰহী।’

এইজন ৰাজ্যপাল কোন জানে নে?

File Pic

তেওঁ হ’ল মেঘালয়ৰ বৰ্তমানৰ ৰাজ্যপাল তথাগত ৰয়।

৭৪ বছৰীয়া ৰয়ে আগন্তুক ২০২১ ৰ নিৰ্বাচনত পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পূৰ্ণ ইচ্ছা প্ৰকাশ কৰিছে।

File Pic

এই কথা অৱশ্যে দলৰ নেতৃত্বৰ ওপৰতো নিৰ্ভৰ কৰিব বুলি তেওঁ কয়।

উল্লেখ্য যে ৰয় পশ্চিমবংগ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আছিল।

ইয়াৰোপৰি তেওঁ ২০১৫ত ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল।

২০১৮ চনৰ পৰা মেঘালয়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।