বিজেপি দলৰ সৈতে মিত্ৰতা ছেদ শিৰোমণি আকালী দলৰ!

বিজেপি দলৰ সৈতে মিত্ৰতা ছেদ শিৰোমণি আকালী দলৰ!

September 27, 2020 0 By NEWS DESK

বিজেপিৰ বাবে মোক্ষম আঘাত ।

বিজেপি দলেৰে সুদীৰ্ঘ মিত্ৰতা ত্যাগ কৰিলে শিৰোমণি আকালি দলে।

শনিবাৰে ৪ ঘণ্টাজোৰা বৈঠকৰ অন্তত এই কথা ঘোষণা কৰিছে দলটোৰ নেতৃত্বই।

নতুন কৃষি বিলক বিৰোধ কৰি গ্ৰহণ কৰিলে এই সিদ্ধান্ত।

আনুষ্ঠানিকভাবে দল দুটাৰ মিত্ৰতা ছেদ হোৱাৰ কথা ঘোষণা কৰিছে শিৰোমণি আকালী দলৰ সভাপতি সুখবিৰ সিং বাদলে।

ইতিমধ্যে কেন্দ্ৰই গৃহীত কৰা কৃষক বিৰোধী আইনৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ।

এই প্ৰতিবাদৰ অংশস্বৰূপেই কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পদ ত্যাগ কৰিছিল শিৰোমণি আকালী দলৰ নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদলে।