বিজেপি নিৰ্বাচনত পৰাজিত হ’লে অখিল গগৈৰ দৰে হিমন্ত বিশ্ব শৰ্মাও জেল যাব লাগিবঃ বিপিএফ !

বিজেপি নিৰ্বাচনত পৰাজিত হ’লে অখিল গগৈৰ দৰে হিমন্ত বিশ্ব শৰ্মাও জেল যাব লাগিবঃ বিপিএফ !

September 8, 2020 0 By NEWS DESK

সমাগত বিধানসভা নিৰ্বাচৱন।

নিৰ্বাচনৰ দিন চমূ চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত।

ইয়াৰ মাজতে বি পি এফৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ফনিন্দ্ৰ বসুমতাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি বিস্ফোৰক মন্তব্য কৰে।

ফনিন্দ্ৰ বসুমতাৰীয়ে কয়- ‘বিজেপি দল আগন্তুক নিৰ্বাচনত পৰাজিত হ’লে কৃষক নেতা অখিল গগৈৰ দৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও জেল যাব লাগিব।’

লগতে কয়- ‘বি পি এফ দলে এইবাৰ বিজেপিক সমৰ্থন নকৰে।’

অখিল গগৈ কেতিয়াও কাকো হত্যা কৰা নাই কেলেংকাৰীও কৰা নাই। গতিকে কি কাৰণে তেওঁক জেলত ভৰাই থলে বুলি প্ৰশ্ন নেতা গৰাকীৰ।