বিটিচিত হাগ্ৰামাৰ পাপৰ অংশীদাৰ বিজেপিঃ সাংসদ নৱ শৰণীয়া

বিটিচিত হাগ্ৰামাৰ পাপৰ অংশীদাৰ বিজেপিঃ সাংসদ নৱ শৰণীয়া

August 25, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স। বিটিচিত দুৰ্নীতি, স্বজনপ্ৰীতিৰে হাগ্ৰামা মহিলাৰীয়ে যিমান পাপ কৰিছে, তাৰ অংশীদাৰ হৈছে শাসকীয় বিজেপি দল।

গেৰুৱা দলৰ সমৰ্থনৰ বাবেই বিটিচিত হাগ্ৰামা মহিলাৰীয়ে অবড়োৰ অধিকাৰ হনন কৰিবলৈ সাহস পাইছিল।

গুৱাহাটীত আয়োজন কৰা এখন সংবাদমেলত গণ সুৰক্ষা পাৰ্টীৰ নেতা সাংসদ নৱ শৰণীয়াই অভিযোগ কৰে।

তেওঁ কয় যে বিটিচিত হাগ্ৰামা মহিলাৰীয়ে নিযুক্তি, এম জি এনৰেগাৰ ধন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰপৰা লাভ কৰা পুঁজিৰ কেলেংকাৰী কৰি ৰাইজক প্ৰতাৰণা কৰিছে।

হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ সমৰ্থনৰ বাবেই ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ সাহস পাইছিল।

কাৰণ মহিলাৰীৰ বিপিএফ দলৰ তিনিজন বিধায়ক সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মন্ত্ৰী হৈ আছে।

সৰ্বানন্দ সোণোৱাল চৰকাৰে সকলো কথাত মৌন হৈ আছিল। সেয়ে মহিলাৰীৰ পাপৰ অংশীদাৰ বিজেপি বুলি আমি দাবী কৰিছোঁ।