বিটিচি নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত পুনৰ গােপন অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ আৰক্ষীৰ

বিটিচি নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত পুনৰ গােপন অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ আৰক্ষীৰ

September 20, 2020 0 By NEWS DESK

বিটিচিত পুনৰ উদ্ধাৰ হৈছে উগ্ৰপন্থীৰ অস্ত্ৰভাণ্ডাৰ।

বিটিচিৰ আগন্তুক পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে গোসাঁইগাঁও মহকুমাৰ ভাৰত ভূটান সীমান্তৱৰ্তী কচুগাওঁ বনাঞ্চলৰ শান্তিপূৰত শনিবাৰে নিশা আৰক্ষীৰ অভিযানত অস্ত্ৰ উদ্ধাৰ।

কচুগাওঁ বনাঞ্চলখনৰ পিকুৱা নদীৰ নিচেই কাষত থকা শান্তিপুৰৰ হাবিত লুকাই থােৱা অৱস্থাত উদ্ধাৰ হয় উক্ত অস্ত্ৰ-শস্ত্ৰসমূহ।

এই অভিযানৰ নেতৃত্ব দিয়ে কচুগাঁবৰ আৰক্ষী বিষয়া আনন্দ ৰাভা, কোকৰাঝাৰৰ টাউন আৰক্ষী বিষয়া লাটুক দাসে।

উদ্ধাৰ হোৱা সামগ্ৰী সমূহ হৈছেঃ চাৰিটা ৩৬নম্বৰ হেণ্ড গ্ৰেণেড, চাৰিটা ডিটেনেটৰ, ৭.৬৫ পিষ্টল এটা, এ কে ৪৭ ৰাইফল, এটা হস্ত নিৰ্মিত বন্দুক, দুটা মেগজিন, ১৩ জাই এ কে ৪৭ৰ গুলি ১৩ টা ।

উক্ত অস্ত্ৰ সমূহ কোন সংগঠনৰ সেয়া স্পষ্ট হোৱা নাই যদিও উগ্ৰপন্থী সংগঠনৰ বুলি সন্দেহ কৰিছে।