বিত্তীয় প্ৰবঞ্চনা ৰােধৰ বাবে এ টি এম-ডেবিট কাৰ্ডৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম

বিত্তীয় প্ৰবঞ্চনা ৰােধৰ বাবে এ টি এম-ডেবিট কাৰ্ডৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম

August 28, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স। এটিএম-ডেবিট কাৰ্ডৰ জৰিয়তে শেহতীয়াভাৱে দেশত বৃদ্ধি পাইছে প্ৰবঞ্চনাৰ ঘটনা।

সেয়েহে কোনো গ্ৰাাহক যাতে চাইাবাৰ বিত্তীয় প্ৰৱঞ্চনা আদিৰ বলি নহয়, তাক নিশ্চিত কৰিবলৈ ৰিজাৰ্ভ বেংকে নতুন কিছু নিৰ্দেশনাৱলী প্ৰস্তুত কৰিছে।

সেই অনুসৰি ৰিজাৰ্ভ বেংকে সকলো বেংকক ডেবিট-ক্ৰেডিট কাৰ্ড জাৰি কৰাৰ সময়ত কেৱল দেশীয় লেনদেনৰ ক্ষেত্ৰত সীমিত ৰাখিবলৈ পৰামৰ্শ দিছে।

কাৰ্ডৰ জৰিয়তে এ টি এম বা পি অ’ এছ মেচিনত কোনো আন্তঃৰাষ্ট্ৰীয় লেনদেন নকৰিবলৈ ৰিজাৰ্ভ বেংকে সকলো বেংককে নিৰ্দেশ দিছে।

আন্তঃৰাষ্ট্ৰীয় লেনদেন কাৰ্ডৰে কৰিব বিচাৰিলে বেংক গ্ৰাহকে পূৰ্বে অনুমতি ল’ব লাগিব।

বেংকৰ একাউণ্ট ধাৰকে আন্তৰ্জাতিক লেনদেন, অনলাইন লেনদেন আৰু কনটেকটলেছ কাৰ্ড লেনদেন সুবিধা বিচাৰিলে ইয়াৰ বাবে পৃথকভাৱে আবেদন জনাব লাগিব।

অৰ্থাৎ এতিয়াৰে পৰা বেংকৰ গ্ৰাহকে বিচাৰিলেহে আন্তৰ্জাতিক কাৰ্ডৰ সুবিধা লাভ কৰিব।

ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম অনুসৰি গ্ৰাহকে যেতিয়াই বিচাৰে তেতিয়াই যিকোনো সেৱা আৰম্ভ বা বন্ধ কৰিব পাৰিব।

তদুপৰি গ্ৰাহকে নিজৰ এ টি এমৰ লেনদেনৰ সীমাও এতিয়াৰে পৰা নিৰ্দিষ্ট কৰি ল’ব পাৰিব।

এ টি এম কাৰ্ডৰ ‘ষ্টেটাছ’ৰ কোনো সালসলনি হ’লে সেয়া লগে লগে কাৰ্ড ধাৰকে এছ এম এছৰ জৰিয়তে লাভ কৰাটো বাধ্যতামূলক হ’ব।