বিতৰ্কৰ অৱসান ! জুবিন গাৰ্গ নহয় চৰকাৰী ব্ৰেণ্ড এম্বেছাডৰ..

বিতৰ্কৰ অৱসান ! জুবিন গাৰ্গ নহয় চৰকাৰী ব্ৰেণ্ড এম্বেছাডৰ..

September 3, 2020 0 By NEWS DESK

ৰাইজে মোক সন্দেহ কৰিব নালাগে, মই কেতিয়াও চৰকাৰী ব্ৰেণ্ড এম্বেছাদৰ নহওঁ¼

এই মন্তব্য যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ।

নিজৰ স্থিতি স্পষ্ট কৰি জুবিনে কয়- মই চৰকাৰী ব্ৰেণ্ড এম্বেছাডৰ নহওঁ। মই যুৱ প্ৰজন্মক খেতিৰ প্ৰতি আগুৱাই নিবলৈ হে খেতিৰ কামত লাগিছো।

পুনৰ ‘কা’ আন্দোলনৰ প্ৰতিবাদত সক্ৰিয় ভূমিকা ল’ব বুলিও মন্তব্য কৰে জুবিনে।

জুবিনে কয়- ‘কা’ আহিলেই পুনৰ হুলস্থূল কৰিম।’

একাংশ শিল্পীয়ে ৰাজনৈতিক দলত যোগদান কৰা প্ৰসংগত জুবিন গাৰ্গে কয়– শিল্পীসকলে ৰাজনৈতিক দলত যোগদান কৰাটো তেওঁলোকৰ ব্যক্তিগত কথা, তাত মোৰ ক’বলগীয়া একো নাই।