বিদেশৰ পৰা বিমানেৰে অনা ২.১ কােটি টকা মূল্যৰ চােৰাং সােণ জব্দ সীমা শুল্ক বিভাগৰ

বিদেশৰ পৰা বিমানেৰে অনা ২.১ কােটি টকা মূল্যৰ চােৰাং সােণ জব্দ সীমা শুল্ক বিভাগৰ

September 17, 2020 0 By NEWS DESK

ক’ভিড-১৯ অতিমাৰীৰ এই দুৰ্যােগপূৰ্ণ সময়তাে দেশত পূৰ্ণ গতিত অব্যাহত আছে চােৰাং সােণৰ ক’লা বেহা।

ম্যানমাৰ সীমান্তৰ পৰা মণিপুৰ-অসম হৈ দেশৰ বিভিন্ন ৰাজ্যলৈ স্থলপথ, ৰেলপথ নাইবা বিমানেৰে চােৰাং সােণৰ সৰবৰাহ অব্যাহত আছে।

এনে অবৈধ বেহাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাসমূহে।

ইপিনে, ৰিয়াদৰ পৰা বিমানেৰে ভাৰতলৈ অনা বৃহৎ পৰিমাণৰ চােৰাং সােণ জব্দ কৰিছে সীমা শুল্ক বিভাগে।

জানিব পৰা মতে, বুধবাৰে উত্তৰ প্ৰদেশৰ লখনৌত ৰিয়াদৰ পৰা অহা G8 6451 নম্বৰৰ বিমানৰ কাৰগােৰ পৰা ৩৮৪৯.১২ গ্ৰাম ওজনৰ ৩৩ খন সােণৰ বিস্কুট জব্দ কৰে বিভাগটােৱে।

জব্দকৃৎ সােণখিনিৰ মূল্য প্ৰায় ২ কােটি ১੦ লাখ টকা বুলি অনুমান কৰা হৈছে।

অন্তৰ্বাসৰ কাপােৰৰ বেগত চেলােটেপেৰে মেৰিয়াই লুকুৱাই অনা হৈছিল উক্ত সােণখিনি।

উক্ত সােণৰ গৰাকী সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বিভাগটােৱে।