NEWS8 NE

বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল টে’ট্ শিক্ষয়িত্ৰী শৰ্মিষ্ঠা ভট্টাচাৰ্যৰ

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা।

বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যু এগৰাকী টেট্ শিক্ষয়িত্ৰীৰ।

বাইকৰ সৈতে মাৰুতি ভানৰ সংঘৰ্ষৰ পিছতে পথত উফৰি পৰা বাইক আৰােহী শিক্ষয়িত্ৰীগৰাকীক মহটিয়াই নিলে তেল টেংকাৰে, যাৰ ফলতে থিতাতে মৃত্যু ঘটে শিক্ষয়িত্ৰী শৰ্মিষ্ঠা ভট্টাচাৰ্যৰ।

এই দুৰ্ঘটনা শনিবাৰে দুপৰীয়া শিলচৰ চহৰৰ সমীপত শিলচৰ- কালাইন পথৰ তোপখানাত সংঘটিত হয়।

শৰ্মিষ্ঠা ভট্টাচাৰ্য

জানিব পৰা মতে, এখন বাইক আৰু মাৰুতি ভানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুর্ঘটনাটো।

ফলত বাইকৰ পিছ ফালৰ ছিটত বহি অহা মহিলা আৰোহী শৰ্মিষ্ঠা ভট্টচাৰ্য নামৰ শিক্ষয়িত্ৰীগৰাকী পথৰ ওপৰত লুটি খাই পৰে।

প্ৰত্যক্ষ দর্শীৰ মতে, ইয়াৰ পাছতে পথত পৰি থকা মহিলাগৰাকীৰ ওপৰেৰে এখন তেলৰ টেংকাৰ পাৰ হৈ যোৱাত থিতাতে মৃত্যু ঘটে মহিলাগৰাকীৰ।

আনহাতে, বাইক চলোৱা যুৱকজনৰ লগতে মাৰুতি ভেনখনৰ চাৰিজন যাত্রীও গুৰুতৰ আহত হয়।

পাছত হতাহত আটাইকে উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

নিহত মহিলাৰ শিক্ষয়িত্ৰীগৰাকী শিলচৰৰ তাৰাপুৰৰ বাসিন্দা। তেওঁ বৰখলাৰ এখন বিদ্যালয়ত কৰ্মৰত আছিল।

শিক্ষয়িত্ৰীগৰাকীৰ এনে অকাল মৃত্যুৰ খবৰে বৃহত্তৰ শিচলৰ অঞ্চলতে গভীৰ শােকৰ ছাঁ পেলাইছে।

Exit mobile version