NEWS8 NE

বিধানসভা নিৰ্বাচনঃ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ বিজেপিৰ

নিউজ ডেস্ক। অৱশেষত আনুষ্ঠানিকভাৱে প্ৰকাশ পালে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰদলৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা।

শুক্ৰবাৰে সন্ধিয়া নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস তথা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দৰ উপস্থিতিত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ নাম ঘােষণা কৰা হয়।

প্ৰকাশিত তালিকা অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােনােৱালে মাজুলীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। আনহাতে কেবিনেট মন্ত্ৰী সৰ্বান্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে পাটাছাৰকুছি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। তেওঁ পূৰ্বে সৰভোগৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি শীৰ্ষ নেতৃত্বৰ উপস্থিতিত নতুন দিল্লীত অনুষ্ঠিত বৈঠকত বৃহস্পতিবাৰে নিশা প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা হৈছিল।

বৈঠকত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােনোৱাল, কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব চৰমা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকিয়া, অগপ দলৰ সভাপতি মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তও উপস্থিত আছিল।

টিকট লাভ কৰা প্ৰাৰ্থীৰ তালিকাঃ

সৰ্বানন্দ সোণোৱাল– মাজুলী
হিমন্ত বিশ্ব শৰ্মা – জালুকবাৰী
অশোক সিংঘল- ঢেকীয়াজুলি
কৃষ্ণ কুমাৰ তাঁতী- বৰচলা
বিশ্বনাথ- প্ৰমোদ বৰঠাকুৰ
বিহালী- ৰঞ্জিৎ দত্ত
গহপুৰ- উৎপল বৰা
ধিং- সঞ্জীৱ কুমাৰ বৰা
বটদ্ৰৱা- আঙুৰলতা
অনিল শইকীয়া- চামগুৰি
সৰুপথাৰ- বিশ্বজিৎ ফুকন
গোলাঘাট- অজন্তা নেওগ
খুমটাই- মৃণাল শইকীয়া
যোৰহাট- হিতেন গোস্বামী
তিতাবৰ- হেমন্ত কলিতা
ৰমণী তাঁতী- মৰিয়ণী
মাহমৰা- যোগেন মহন
ধৰ্মেশ্বৰ গগৈ – সোণাৰী
কুশল দুৱৰী- থাউৰা
সুৰভী গগৈ – বিহপুৰীয়া
অমিয় ভূঞা- লক্ষীপুৰ
লখিমপুৰ- মানৱ ডেকা
ঢকুৱাখনা- নৱ কুমাৰ দলে
ধেমাজি- ড০ ৰণোজ পেগু
জোনাই- ভূৱন পেগু
মৰাণ- চক্ৰধৰ গগৈ
ডিব্ৰুগড়ৃ- প্ৰশান্ত ফুকন
লাহোৱাল- বিমান হাজৰিকা
দুলীয়াজান- তেৰছ গোৱালা
টিংখাং- বিমান বৰা
নাহৰকটীয়া- তৰুন গগৈ
তিনিচুকীয়া- সঞ্চয় কৃষাণ
ডিগবৈ- সুৰেণ ফুকন
মাৰ্ঘেৰিটা- ভাস্কৰ শৰ্মা
ৰাতাবাৰী- বিজয় মালাকাৰ
পাথাৰকান্দি- কৃষ্ণেন্দু পাল
কৰিমগঞ্জ- মানস দাস
বদৰপুৰ- বিশ্বজিৎ
শিলচৰ- সুব্ৰত নাথ
সোণাই- দ্বিপায়ন চক্ৰৱৰ্তী
ধলাই- আমিনুল হক লস্কৰ
উদাৰকান্দি- পৰিমল শুক্লবৈদ্য
বৰখলা- মিহিৰকান্তি সোম
তাঁতীমৰা- গৌতম ৰয়
হাফলং- নন্দিতা
বোকাজান- ডাঃ নোমল মমিন
বৈঠালাংছ’- ৰূপচিং তেৰাং
কমলপুৰ- দিগন্ত কলিতা
ভৱেশ কলিতা- ৰঙিয়া
নলবাৰী- জয়ন্ত মল্ল বৰুৱা
পানেৰী- বিশ্বজিৎ দৈমাৰী
কলাইগাঁও- মধুৰাম ডেকা
মঙলদৈ- গুৰুজ্যোতি দাস
জাগীৰোড- পীযুষ হাজৰিকা
বঢ়মপুৰ- জিতু গোস্বামী
নগাঁও- দীপক শৰ্মা
পাটাছাৰকুছি- ৰনজিৎ কুমাৰ দাস

লগতে চাওকঃ

কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

Exit mobile version