Site icon NEWS8 NE

বিধায়কগৰাকীৰ ব্যৱহাৰ কঠােৰ হৈছে, মই দুখ পাইছােঁঃ অ’চি পুষ্পকমল বৰুৱা

নিউজ ডেস্ক। এটা ভাইৰেল ফোন কল ৰেকৰ্ডিঙক লৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া।

আৰক্ষীক মুকলি ভাবুকি দিয়া বিধায়কৰ বিৰুদ্ধে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে অসম চৰকাৰ, অসম আৰক্ষী এতিয়া ব্যস্ত হৈছে ভাবুকি লাভ কৰা আৰক্ষী বিষয়াকহে তলব কৰাত।

নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুস্পকমল বৰুৱাক ফোন কৰি ভাবুকি প্ৰদান কৰিছিল বিহপুৰীয়া সমষ্টিৰ বিজেপি বিধায়ক অমিয় ভূঞাই।

মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্যত বাধা প্ৰদান কৰা কেইজনমান যুৱকক আটক কৰাৰ পিছতে বিধায়কজনে আৰক্ষী বিষয়াগৰাকীলৈ ফোন কৰি পুলিচগিৰি নেদেখুৱাবলৈ সকীয়াই দিছিল আৰু তেওঁৰ ৬০ হাজাৰ ভোটাৰে পিটিকা বনাই পেলাব বুলি একপ্ৰকাৰ ভাবুকি দিছিল।

এই ফোন ৰেকৰ্ডিং সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই বিধায়ক অমিয় ভূঞাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ সন্মুখত ফোন ৰেকৰ্ডিং এক অপৰাধ বুলিহে অভিহিত কৰিলে। আনকি খবৰ অনুসৰি, অসম আৰক্ষীক এতিয়া কল ৰেকৰ্ডিং সুবিধা থকা মোবাইল ফোন ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইফালে মুখ্যমন্ত্ৰীয়ে ফোন ৰেকৰ্ডিঙক লৈ কৰা মন্তব্যৰ পিছতে বিধায়কৰ পৰা ফৌনিক ভাবুকি লাভ কৰা আৰক্ষী বিষয়া পুস্পকমল বৰুৱাক বুধবাৰে তলব কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে।

তাৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নাৰায়ণপুৰৰ অচি পুস্পকমল বৰাই কয় যে তেওঁ কেৱল আৰক্ষীৰ দায়িত্বহে সম্পাদন কৰিছিল। ঘটনা সন্দৰ্ভত তেওঁৰ ক’বলগীয়াখিনি ইতিমধ্যে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক অৱগত কৰা বুলিও জানিবলৈ দিয়ে পুস্পকমল বৰুৱাই।

আনহাতে ভাইৰেল ফোন ৰেকৰ্ডিংটো তেওঁৰ মোবাইল ফোনৰ পৰা কৰা হোৱা নাছিল বুলি দাবী কৰি পুস্পকমল বৰাই লগতে কয় যে বিধায়ক অমিয় ভূঞাই যি পদবীত আছে, সেই অনুসৰি তেওঁৰ ব্যৱহাৰ কঠিন হৈছে। বিধায়কজনে পিটিকা বনাই দিয়া আৰু পুলিচগিৰি দেখুওৱা বুলি কৈ ভুল কৰিছে বুলি মন্তব্য কৰে আৰক্ষী বিষয়া পুস্পকমল বৰাই।

মুখ্যমন্ত্ৰীয়ে আইনৰ গণ্ডীৰ ভিতৰত থাকি অসম আৰক্ষীক যিধৰণে কাম কৰিবলৈ কৈছে, সেইদৰেই মই কাম কৰি গৈ আছো বুলি মন্তব্য কৰে অচি পুস্পকমল বৰুৱাই।

বিধায়কজনে উচতনি দি অসম আৰক্ষীৰ বিৰুদ্ধে নাৰায়ণপুৰত জনতাৰ দ্বাৰা প্ৰতিবাদ কৰোৱাইছিল বুলি অভিযোগ কৰে আৰক্ষী বিষয়াগৰাকীয়ে। বিধায়ক অমিয় ভূঞাই বিষয়টোৰ ৰাজনীতিকৰণ কৰা বুলি দাবী কৰি পুস্পকমল বৰুৱাই কয় যে অসম আৰক্ষীৰ বিৰুদ্ধে ৰাজনীতি হব নালাগে। তেওঁ কয়- এয়া জনসাধাৰণৰ স্বাৰ্থ নহয়, বিধায়কজনৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কৰা হৈছে।

উল্লেখ্য যে, এই ভাইৰেল ফোন ৰেকৰ্ডিং সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আৰক্ষী বিষয়া সকলে কোনো বিধায়ক-নেতাৰ ফোন ৰেকৰ্ড কৰিব নালাগে। এয়া সাংবিধানিকভাৱেও অপৰাধ। জনতাৰ দ্বাৰা নিৰ্বাচিত হোৱা বিধায়কজনে আৰক্ষীলৈ ফোন কৰিব পাৰে। তেওঁলোকৰ সৈতে এক সৌজন্যমূলক সম্পৰ্ক আৰক্ষীয়ে বৰ্তাই ৰাখিব লাগে। তেওঁলোকে কোৱা কথাবোৰ শুনি ভুল খিনি নামানিলেই হল। কিন্তু ফোন ৰেকৰ্ডিং কৰিব নালাগে।

আনহাতে বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাৰ এইকেইদিন আন এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। মাজুলীৰ এছ আই জোনমণি ৰাভালৈ বিধায়কজনে কৰা ফোন কলত অৱশ্যে তেওঁ পুস্পকমল বৰুৱাক দিয়াৰ দৰে ভাবুকি প্ৰ্দান কৰিব পৰা নাছিল, ওলোটাই সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ পৰা বিধায়কজনে ধমকহে খাবলগীয়া হৈছিল।

বিধায়কজনৰ এনে দুটাকৈ ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতো তেওঁৰ বিৰুদ্ধে অসম আৰক্ষী কিম্বা অসম চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে আৰক্ষী বিষয়াকহে তলব কৰা কাণ্ডই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Exit mobile version