বিধেয়ক গৃহীতঃ দাইল, তেল, আলু, পিঁয়াজ আদি নাথাকিব অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত !

বিধেয়ক গৃহীতঃ দাইল, তেল, আলু, পিঁয়াজ আদি নাথাকিব অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত !

September 23, 2020 0 By NEWS DESK

এতিয়াৰে পৰা দাইল, তেল, আলু, পিঁয়াজ আদি নাথাকিব অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত।

মঙলবাৰে সংসদত গৃহীত হ’ল এইসমূহ সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা আতৰোৱাৰ বাবে এখন বিধেয়ক।

লোকসভাই ১৫ ছেপ্টেম্বৰত গৃহীত কৰা অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) বিধেয়কখন অৱশেষত গৃহীত হ’ল ৰাজ্যসভাতো।

আইনখনৰ সংশোধনৰ দ্বাৰা ৰাষ্ট্ৰীয় দুৰ্যোগ, মূল্যবৃদ্ধি ইত্যাদিৰ সময়ত সামগ্ৰী মজুত ৰখাৰ প্ৰসংগত পৰিমাণ ইত্যাদিৰ নীতি নিৰ্ধাৰণ কৰিব।

কৃষিক্ষেত্ৰত বিনিয়োগৰ পৰিমাণো এই বিধেয়কখনৰ দ্বাৰা বৃদ্ধি হ’ব বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰীয়ে কয়- ‘যেতিয়া দেশ খাদ্য প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ নাছিল তেতিয়া এই আইনখন অনা হৈছিল। এতিয়া পৰিস্থিতি সলনি হৈছে গতিকে এই সংশোধন প্ৰয়োজন।’