Site icon NEWS8 NE

বিধ্বংসী অগ্নিকাণ্ডৰ পৰা আবাসীৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ ১৯ মহলাৰ পৰা পৰি মৃত্যু নিৰাপত্তা ৰক্ষীৰ

নিউজ ডেস্ক। সুউচ্চ অট্টালিকাৰ ১৯ মহলাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ সময়তে আবাসীৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ অট্টালিকাৰ পৰা তললৈ পৰি প্ৰাণ গ’ল কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ।

এই শােকাৱহ ঘটনা শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত।

উল্লেখ্য যে দক্ষিণ মুম্বাইৰ অবিঘ্না পাৰ্ক নামৰ আবাসীৰ এলেকাৰ সুউচ্চ অট্টালিকাৰ ১৯ মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল।

এই খবৰ লাভ কৰিয়েই অট্টালিকাৰ নিৰাপত্তাৰ দায়িত্বত থকা অৰুণ তিৱাৰী নামৰ নিৰাপত্তাৰক্ষীজনে আবাসীৰ প্ৰাণৰক্ষা কৰিবলৈ সেই মহলাটােত উপস্থিত হৈছিল।

অন্য কৰ্মচাৰীৰ সৈতে মহলাটােৰ পৰা ৩ জন লােকৰ প্ৰাণৰক্ষা কৰি বেলকনিলৈ গৈ আন কােনাে লােক আবদ্ধ হৈ আছে নেকি, তাকে চাবলৈ গৈছিল লােকজন।

কিন্তু সেই সময়তে জুইয়ে অধিক ভয়াৱহ ৰূপ লােৱাত অৰুণ তিৱাৰী নামৰ নিৰাপত্তাৰক্ষীজন তাতেই আবদ্ধ হৈ পৰিছিল।

নিজৰ প্ৰাণ ৰক্ষাৰ বাবে কোনোৰকম ১৯ মহলাৰ ওপৰৰ বাৰাণ্ডাৰ পৰা জঁপিয়াই দিছিল তেওঁ। কিন্তু প্ৰাণ ৰক্ষা নহ’ল তেওঁৰ।

সকলোৰে সন্মুখত ১৯ মহলাৰ পৰা তলত পৰি প্ৰাণ হেৰুৱাই সেই ৩০ বছৰীয়া যুৱক জনে।

এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। লগে লগে অৰুণ তিৱাৰীৰ ওপজা ঠাই উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত থকা আত্মীয়সকলৰ মাজত সৃষ্টি হয় এক শােকাকুল পৰিৱেশৰ।

জানিব পৰা মতে, অৰুণ তিৱাৰী বিগত ১੦ বছৰে মুম্বাইত আছিল। উক্ত আবাসীৰ এলেকাৰ নিৰাপত্তাৰ দায়িত্বত বিগত ৫ বছৰে নিয়ােজিত হৈ আছিল।

মুম্বাইৰ অগ্নি নিৰ্বাপন বিভাগৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে কুৰে ৰোডৰ অবিঘ্ন টাৱাৰত দুপৰীয়া ১২ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

বিভাগৰ ভাষাত এই অগ্নিকাণ্ডৰ ঘটনা লেভেল ফৰৰ আছিল। লেভেল ফৰৰ অৰ্থ হৈছে য’ত বিপদৰ সম্ভাৱনা অত্যধিক বেছি।

ঘটনাৰ পিছতেই ঘটনা স্থলীত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হয়।

বৃহন মুম্বাই পৌৰ নিগমৰ আয়ুক্ত ইকবাল সিং চাহালে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে।

Exit mobile version