বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰজু কৰিলে UPPL দলে ! কিন্তু কিয়?

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰজু কৰিলে UPPL দলে ! কিন্তু কিয়?

August 21, 2020 0 By NEWS DESK

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰজু কৰিলে UPPL দলে।

UPPLৰ সভাপতি প্ৰমোদ বড়োক উদ্দেশ্যি হাগ্ৰামা মহিলাৰীয়ে কৰা আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰজু কৰিছে।

বৃহস্পতিবাৰে কোকৰাঝাৰস্থিত ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত ইউপিপিএলৰ সম্পাদক তথা মুখপাত্ৰ উইলচন হাসদাই এই কথা প্ৰকাশ কৰে।

তেওঁ লগতে কয়- ‘হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলৰ আইটি চেলে নিৰবচ্ছিন্নভাৱে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে অপপ্ৰচাৰত নামিছে। আনকি ৰাজহুৱা সভাতো হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়ো আৰু তেওঁৰ পত্নীৰ বিষয়ে কটু মন্তব্য কৰাৰ লগতে বিসংগতিপুৰ্ণ, তথ্যহীন, ভুৱা, উদ্দেশ্যপ্ৰণোদিত আৰু আপত্তিজনক মন্তব্যৰে প্ৰমোদ বড়োক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্ঠা চলাইছে।’

প্ৰমোদ বড়োৱে কোকৰাঝাৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি)/৫০০ ৰ অধীনত এক গোচৰ ( নং ৩৪/২০২০)ৰুজু কৰিছে।