বিপিএফ বড়ো ৰাজনীতিত ক’লা অধ্যায়ৰূপে চিহ্নিত হৈ ৰ’বঃ এবছু

বিপিএফ বড়ো ৰাজনীতিত ক’লা অধ্যায়ৰূপে চিহ্নিত হৈ ৰ’বঃ এবছু

September 4, 2020 0 By NEWS DESK

বিপিএফ বড়ো ৰাজনীতিত ক’লা অধ্যায়ৰূপে চিহ্নিত হৈ ৰ’ব।’

শুক্ৰবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ কৰে এবছুৱে।

মৰাণ,মটক আৰু কোচ ৰাজবংশীৰ স্বায়ত্বশাসিত বিধেয়কৰ বিল বিধানসভাত গৃহীত হোৱাত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে আদৰণি জনাই৷

প্ৰেছ বিবৃতিত এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে স্বায়ত্ব শাসিত পৰিষদ গঠনৰ জৰিয়তে মৰাণ,মটক আৰু কোচৰাজবংশী সকলৰ উন্নয়ন হ’ব বুলি আশা ব্যক্ত কৰিছে ৷

ইয়াৰ বিপৰীতে বড়ো-কছাৰী স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়কখন বিধানসভাৰ মজিয়াত গৃহীত নোহোৱাত এবছুই মুলত: মন্ত্ৰী চন্দন ব্ৰহ্মৰ নিকৃষ্ট ৰাজনৈতিক স্বাৰ্থক দোষাৰোপ কৰিছ।

মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিভেদ সৃষ্টিকাৰী ৰাজনীতি অসমৰ বড়ো সকলৰ বাবে অতি দুৰ্ভাগ্যজনক আৰু ভয়ানক বুলি মন্তব্য কৰে লৰেঞ্চ ইছলাৰীয়ে।

জনজাতীয় মন্ত্ৰী হৈও অসমৰ সৰ্বাধিক জনসংখ্যা থকা বড়ো সকলৰ কল্যাণ আৰু উন্নয়নৰ প্ৰতি নূন্যতম সৌজন্যতা প্ৰদৰ্শন কৰিব নজনা মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভূমিকা আৰু বড়ো সকলৰ ৰাজনৈতিক আশা আকাংক্ষা বুজি নোপোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল বড়ো ৰাজনীতিৰ ক্ষেত্ৰখনত এক ক’লা অধ্যায় হিচাপে চিহ্নিত হৈ ৰব বুলি মন্তব্য কৰে।