Site icon NEWS8 NE

বিবাহপাশত আবদ্ধ হ’ল নবেল বঁটা বিজয়ী মালালা ইউছুফজাই

নিউজ ডেস্ক। নবেল বঁটা বিজয়ী মালালা ইউছুফজাইয়ে মঙলবাৰে ব্ৰিটেইনৰ বাৰ্মিংহামৰ ঘৰত সম্পন্ন নিকাহ (বিবাহ) অনুষ্ঠানত এছাৰ মালিকক সৈতে বিবাহপাশত আবদ্ধ হয়।

সামাজিক মাধ্যমত টুইটাৰত বিয়াৰ ফটাে প্ৰকাশ কৰি ২৪ বছৰীয়া মালালাই লিখিছে, “আজি মোৰ জীৱনৰ এক মূল্যৱান দিন। এছাৰ আৰু মই জীৱনৰ অংশীদাৰ হ’বলৈ বিবাহপাশত আৱদ্ধ হৈছাে।”

উল্লেখ্য যে নাৰী শিক্ষাৰ সপক্ষে মাত মাতি পাকিস্তানী তালিবানৰ নৃশংস আক্ৰমণৰ বলি হৈছে মালালা ইউছুফজাই।

মাত্ৰ ১৫ বছৰ বয়সতে সংঘটিত এই আক্ৰমণত গুলীবিদ্ধ হৈছিল মালালা।

তাৰ পাছতে সংকটজনক অৱস্থাত জটিল অস্ত্ৰােপচাৰৰ পাছত প্ৰাণৰক্ষা পৰিছিল মালালা। এই ঘটনা বিশ্বজুৰি বিশেষ চৰ্চা লাভ কৰিছিল তথা মালাক শান্তিৰ নবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

মধ্য ইংলেণ্ডৰ বাৰ্মিংহামত এক অনুষ্টুপিয়া অনুষ্ঠানত মঙলবাৰে বিবাহপাশত আৱদ্ধ হয় বুলি তেওঁ ছ’চিয়েল মিডিয়াত ঘোষণা কৰে।

মালালাই তেওঁৰ স্বামীৰ সৈতে ফটাে প্ৰকাশ কৰিছে।

Exit mobile version