NEWS8 NE

বিবাহ চলি থাকোতেই মৃত্যু হ‘ল কইনাৰ, খুলশালীৰ লগত বিবাহ সম্পন্ন হ‘ল দৰাৰ

নিউজ ডেস্ক। এক শোকজনক তথা আচৰিত ঘটনা। বিবাহৰ দিনা সুকলমে চলি আছিল বিবাহৰ সকলাে নীতি-নিয়ম।

ৰীতি অনুসৰি প্ৰায়সমূহ কাৰ্য সম্পন্ন হৈছিল বিবাহৰ। কিন্তু বিবাহৰ শেষৰটো ৰীতি সম্পন্ন হোৱাৰ প্ৰাক মূহুৰ্তত ঘটিল এক শােকাৱহ ঘটনা। হঠাৎ মৃত্যু হ’ল ন-কইনাৰ।

তেনে অৱস্থাত দোমোজাত পৰিল সকলো আৰু শেষত কইনাৰ ভগ্নী অৰ্থাৎ খুলশালীৰ সৈতে বিবাহ সম্পন্ন হ’ল ভিনদেউ অৰ্থাৎ দৰাৰ।

এই ব্যতিক্ৰম বিবাহখন যোৱা বুধবাৰে সম্পন্ন হয় উত্তৰ প্ৰদেশৰ এটাৱাহ জিলাৰ ভাৰ্থানাৰ সমশপুৰত।

জানিব পৰা মতে, বুধবাৰৰ দিনা বিবাহৰ সকলো পৰ্ব চলি আছিল দৰা মঞ্জেশ কুমাৰ আৰু সুৰভীৰ। তেতিয়ালৈ বিবাহৰ মাহ-হালধি সনা পৰ্ব সমাপ্ত হৈছিল আৰু দৰা-কইনা বিবাহস্থলীত বহি আছিল শেষ পৰ্ব অৰ্থাৎ ‘ফেৰস’ৰ বাবে। কিন্তু তেনে অৱস্থাতে হঠাৎ দৰাৰ কাষত বহি থকা কইনা ঢলি পৰে। লগে লগে বিবাহত লগে হুৱাদুৱা।

পৰিয়ালৰ লোকে তাৎক্ষণিকভাৱে মাতি আনে এজন চিকিৎসকক। চিকিৎসকে জনায় যে কইনাৰ ইতিমধ্যে হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল। লগে লগে ম্লান পৰিল বিবাহৰ আনন্দ। যেন আনন্দৰ সময়ছোৱা পৰ্যবসিত হ’ল শোকলৈ।

লগে লগে বিবাহৰ দুয়ো পক্ষ সিদ্ধান্ত বিচাৰি বহিল আলোচনাত। তেনেতে কোনোবা এজন বৰযাত্ৰীয়ে ক’লে যে দৰাৰ লগত কইনাৰ ভনীয়েকৰ বিবাহ সম্পন্ন হওক। আলোচনা অনুসৰি কইনাৰ ভনীয়েককেই কইনা পক্ষ বিয়া দিয়াত ৰাজি হ’ল আৰু দৰাৰ সৈতে নতুন কইনাৰ সম্পন্ন হ’ল বিবাহ।

মৃত কইনা সুৰভীৰ জ্যেষ্ঠ ভাতৃ সুৰভে কয় যে, “তেনে পৰিস্থিতিত আমি কি কৰিম একো ভাবি পোৱা নাছিলো। সেয়েহে আমি দুয়ো পক্ষ আলোচনাত বহো। তেনেতে দৰা পক্ষৰ এজনে কয় যে মোৰ ভগ্নী তথা কইনা সুৰভীৰ ভগ্নী নিশাকে দৰাৰ সৈতে বিয়া দিব লাগে। পৰিয়ালৰ সকলোৱে এই বিষয়ে আলোচনা কৰো আৰু দুয়ো পক্ষই এই সিদ্ধান্তত সন্মত হওঁ। সেই অনুসৰি এটা কোঠাত সুৰভীৰ মৃতদেহ ৰাখি মোৰ মাজু ভগ্নী নিশাৰ দৰা মঞ্জেশৰ সৈতে বিবাহ সম্পন্ন হয় আৰু বিবাহ শেষ কৰি বৰযাত্ৰী ঘৰলৈ যোৱাৰ পিছত মৃত সুৰভীৰ শেষকৃত্য সম্পন্ন কৰো।”

কইনাৰ খুড়াকে কয় যে, “আমাৰ পৰিয়ালৰ বাবে ই আছিল এক কঠিন সময়। এগৰাকী কন্যা মৃত্যু হৈ পৰি আছে এটা কোঠাত আৰু আন গৰাকী কন্যাৰ বিবাহ সম্পন্ন হৈ আছে আন এটা কোঠাত। এনে মিশ্ৰিত আৱেগিক ঘটনা আমি জীৱনত কেতিয়াও দেখা নাছিলো। মৃত্যুৰ শোক আৰু বিবাহৰ আনন্দ দুয়োটা যেন এতিয়া এক অবুজ সাঁথৰ আমাৰ বাবে।”

লগতে চাওকঃ

Sanitizer নে Body Lotion! চাওক সামাজিক মাধ্যমত ভাইৰেল হােৱা এটা বিশেষ ভিডিঅ’

২৬ ঘণ্টাত এভাৰেষ্ট জয়! বিশ্ব ৰেকৰ্ড গঢ়িলে এগৰাকী শিক্ষয়িত্ৰীয়ে!

Exit mobile version