বিমানযাত্ৰীৰ সামগ্ৰীৰ মাজত ওলাল নগদ ৮৪ লাখ টকা, আটক ৪

বিমানযাত্ৰীৰ সামগ্ৰীৰ মাজত ওলাল নগদ ৮৪ লাখ টকা, আটক ৪

September 23, 2020 0 By NEWS DESK

ডিব্ৰুগড়। ক’লা ধনৰ সৰবৰাহ প্ৰতিৰােধৰ লক্ষ্যৰে দেশৰ বিত্ত বিভাগে নগদ ধন সৰবৰাহৰ ক্ষেত্ৰত কঠােৰ নীতি-নিয়ম বলৱৎ কৰা সত্বেও একাংশ লােক অসৎ উপায়েৰে বৃহৎ পৰিমাণৰ নগদ ধন সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে।

এইবাৰ বিমানেৰে লাখ লাখ টকা সৰবৰাহ কৰা ৪ জন ব্যক্তিক আটক কৰিছে বিমানবন্দৰৰ নিৰাপত্তাত নিয়ােজিত চিআইএচএফৰ জােৱানে।

বুধবাৰে পুৱা ডিব্ৰুগড় বিমানবন্দৰৰ পৰা নতুন দিল্লীলৈ যাত্ৰা কৰাৰ প্ৰাকমুহূৰ্তত নগদ ৮৪ লাখ টকাসহ আটক হ’ল ৪ বিমানযাত্ৰী।

আটকাধীন লােকেকইজন হৈছেঃ মঃ জালাল উদ্দিন তালুকদাৰ, সঞ্জয় কুমাৰ স্বামী, সজ্জন সিং আৰু ৰাম অৱতাৰ স্বামী।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ খুনচাৰ অহা ডিব্ৰুগড়লৈ আহিছিল এই লােককেইজন।

পুৱা ইণ্ডিগ’ৰ 6E 6772 নম্বৰৰ বিমানেৰে নতুন দিল্লীলৈ যাত্ৰা কৰাৰ কথা আছিল লােককেইজনৰ।

কিন্তু নিয়মীয়া তালাচীত এই লােককেইজনৰ সামগ্ৰীৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষী।

পাছত লােককেইজনৰ লগতে সকলাে সা-সামগ্ৰী আৰক্ষীক চমজাই দিয়ে চিআইএছএফে।

আটকাধীন লােককেইজনে উক্ত ধনখিনি বিজয় শংকৰ আগৰৱালা নামৰ এজন লােকে দিছিল বুলি প্ৰকাশ কৰিছে।

বাতৰি যুগুতােৱালৈকে ধনৰ প্ৰকৃত উৎসৰ বিষয়ে সবিশেষ তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে।