বিমানেৰে স্বগৃহলৈ সেনা বিষয়া মায়ংক বৰাৰ নশ্বৰ দেহ

বিমানেৰে স্বগৃহলৈ সেনা বিষয়া মায়ংক বৰাৰ নশ্বৰ দেহ

September 28, 2020 0 By NEWS DESK

ভাৰত-চীন সীমান্তত নিয়ােজিত হৈ আছিল লে. কৰ্ণেল মায়ংক বৰা

গুৱাহাটী। অসমে হেৰুৱালে এজন সুযােগ্য সন্তানক।

ভাৰতীয় সেনাত লে. কৰ্ণেলৰ পদত কৰ্তব্যৰত মায়ংক বৰাৰ (৪১) আকস্মিক মৃত্যু।

ভাৰত-চীন সীমান্তৰ উত্তৰাখণ্ডৰ অতি দুৰ্গম পাহাৰীয়া অঞ্চল দ্ৰছলা ছেক্টৰত কৰ্মৰত অসমীয়া সেনা বিষয়াগৰাকী।

মায়ংক বৰা

যোৱা ২৬ চেপ্তেম্বৰতে এমাহৰ ছুটী লৈ স্বগৃহ আহিবলৈ যোজা চলাইছিল সেনা বিষয়াগৰাকীয়ে।

কিন্তু উক্ত নিশাই উত্তৰ প্ৰদেশৰ বৰেলিত থকা সেনা ছাউনিত শুই থকা অৱস্থাত আকস্মিক মৃত্যু ঘটে।

সোমবাৰে স্পাইচ জেট বিমানেৰে দিল্লীৰ পৰা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰলৈ লৈ অনা হয় বৰাৰ নশ্বৰ দেহ ।

গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা সম্পূৰ্ণ সামৰিক মৰ্য্যদাৰে ভাৰতীয় সেনাই নিজ বাহনেৰে বিষয়াগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীৰ পাঞ্জাবাৰীৰ আহমেদ আলী নগৰৰ বাসগৃহলৈ লৈ যায়।

বৰাৰ মৃত্যুয়ে ভাৰতীয় সেনাৰ লগতে অসম তথা পৰিয়ালৰ মাজত গভীৰ শোকৰ ছাঁ‌ পেলাইছে ।

উল্লেখ্য যে সদ্য অৱসৰপ্ৰাপ্ত কৰ্ণেল ধীৰেন বৰাৰ সুযোগ্য সন্তান আছিল মায়ংক বৰা।