বিশিষ্ট চলচ্চিত্ৰ পৰিচালিকা-নিৰ্মাতা ৰীমা দাসৰ পিতৃ ভাৰত দাসৰ পৰলোকপ্ৰাপ্তি !

বিশিষ্ট চলচ্চিত্ৰ পৰিচালিকা-নিৰ্মাতা ৰীমা দাসৰ পিতৃ ভাৰত দাসৰ পৰলোকপ্ৰাপ্তি !

October 13, 2020 0 By NEWS DESK

বিশিষ্ট চলচ্চিত্ৰ পৰিচালিকা-নিৰ্মাতা ৰীমা দাসৰ পিতৃ ভাৰত দাসৰ পৰলোকপ্ৰাপ্তি।

কামৰূপ জিলাৰ ছয়গাঁৱৰ চৌধুৰী পাৰা নিবাসী, ছয়গাঁও চম্পক নগৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, ক্ৰীড়া সংগঠক, বিশিষ্ট ব্যক্তি তথা স্বৰ্ণকমল বটা বিজয়ী, ভিলেজ ৰকষ্টাৰ্ছৰ নিৰ্মাতা ৰীমা দাসৰ পিতৃ ভাৰত দাসৰ নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে।

বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় বিশিষ্ট ব্যক্তি গৰাকীৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ।

ছয়গাঁৱৰ বিশিষ্ট ব্যক্তি তথা বিশিষ্ট পৰিচালিকা ৰীমা দাসৰ পিতৃ ভাৰত দাসৰ পৰলোকপ্ৰাপ্তি - নিয়ম

মৃত্যুৰ সময়ত দাসে পত্নী জয়া দাসৰ লগতে জীয়ৰী ৰীমা দাস, দুই ব্যৱসায়ী পুত্ৰ ক্ৰমে বিশ্বজিৎ দাস আৰু অভিজিৎ দাস (জান) তথা দুই বোৱাৰী, দুই নাতি-নাতিনী আৰু বহু আত্মীয়-কুতুম্ব, গুণমুগ্ধক এৰি থৈ যায়।

উল্লেখযোগ্য যে শিক্ষকতাৰ মাজতো প্ৰয়াত দাস বিভিন্ন সামাজিক কাম-কাজ, অনুষ্ঠান আদিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল।

ছয়গাঁও চম্পকনগৰ ছোৱালী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক দাসে নিষ্ঠা আৰু সততাৰে কাম কৰি ২০০২ চনত উক্ত বিদ্যালয়খনৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল। ছয়গাঁও ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত দাসে সুদীৰ্ঘ বছৰ ধৰি ছয়গাঁও সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকৰ পদো অলংকৃত কৰিছিল।

ছয়গাঁৱৰ বিভিন্ন সামাজিক কামতো জড়িত থকা ভাৰত দাসৰ মৃত্যুত আজি বিশাল মটৰ চাইকেলেৰে ৰেলী কৰি আনি প্ৰথম কৰ্মস্থলী ছয়গাঁও চম্পক নগৰ ছোৱালী হাইস্কুল, ছয়গাঁও ক্ৰীড়া সন্থা, ছয়গাঁও চম্পক নগৰ সাৰ্বজনীন ৰাস মহোৎসৱ, ছয়গাঁও সাহিত্য সভা,ছয়গাঁও প্ৰেছ ক্লাৱ, ছয়গাঁও জংগম গোষ্ঠী, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা, ছয়গাঁও অগপৰ লগতে লগতে বিভিন্ন দল সংগঠনে বিশিষ্ট ব্যক্তি গৰাকীক শ্ৰদ্ধাঞ্জলী অৰ্পন কৰে।