NEWS8 NE

বিশিষ্ট শিক্ষাবিদ- সাহিত্যিক- সাংবাদিক- পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান

নিউজ ডেস্ক। খহি পৰিল অসমৰ সংবাদ-সাহিত্য জগতৰ আন এটা উজ্জ্বল নক্ষত্ৰ।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী সন্মানেৰে বিভূষিত ডঃ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান।

বৃহস্পতিবাৰে দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হােৱাৰ পাছত তেওঁ ২੦ মে’ত গুৱাহাটীৰ এক্সেল কেয়াৰ নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আই চি ইউ ভেন্টিলেটৰৰ চাৰ্পোটো দিব লগা হৈছিল যদিও পিছত তেওঁৰ অৱস্থা উন্নতি হয়।

কোভিড ৰিৰ্পটো নিগেটিভ আহে অৱশ্যে বৃক্ক, মধুমেহ আদিৰ ৰোগতো আক্ৰান্ত আছিৱ তেওঁ।

যোৱা তিনিদিনত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক উন্নতি হৈছিল। কিন্তু বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পিছতে হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ১১.২৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ কুজিদাঁহ গাঁৱত ১৯৩১ চনত পিতা ফেটুৰাম বৰা আৰু মাতৃ ফুলেশ্বৰী বৰাৰ ঔৰসত জন্ম হৈছিল।

বেবেজিয়া পণ্ডিত কণকচন্দ্ৰ শৰ্মা হাইস্কুলত মাধ্যমিক শিক্ষা আৰম্ভ কৰিছিল যদিও পাছলৈ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত নাম ভৰ্তি কৰে।

১৯৪৮ চনত সেই বিদ্যালয়ৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কটন কলেজত নাম ভৰ্তি কৰে।

১৯৫২ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

১৯৫৫ চনত শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজত পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তাৰূপে লক্ষ্মীনন্দন বৰাই কৰ্মজীৱনৰ পাতনি মেলে।

তাৰপিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, কটন মহাবিদ্যালয় আদিত শিক্ষকতা কৰি ১৯৫৮ চনত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰে।

১৯৯২ চনত তেখেত অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে। কিছুদিন জাৰ্মানীৰ গোটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞানৰ ভিজিটিং প্ৰফেচৰ হিছাপে, ইণ্ডো-জাৰ্মান গৱেষণা প্ৰকল্পৰ আৰু অসম প্ৰদূষণ ব’ৰ্ডৰ অধ্যক্ষ ৰূপেও দায়িত্ব নিৰ্বাহ কৰে।

তেখেতে ১৯৭৯ চনত কিছুদিনৰ বাবে কলিকতাৰ পৰা প্ৰকাশ হোৱা ‘দ্য ইকনমিকচ টাইমছ্‌’ কাকতৰ যোৰহাটৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি ১৯৯২ৰ পৰা ১৯৯৫ চনলৈ সাপ্তাহিক ‘ৰংপুৰ’ কাকতৰো তেওঁ সম্পাদক আছিল।

লক্ষ্মীনন্দন বৰাই ‘ৰামধেনু’ত গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰে। তেখেতৰ গল্পসমূহ ৰামধেনু, নতুন অসমীয়া, অৰুণাচল আদিত প্ৰকাশ হৈছিল।

সাংবাদিকতাৰ লগতো জড়িত বৰাৰ বাৰটি গল্প সংকলন আৰু পঁচিছখনৰো অধিক উপন্যাস প্ৰকাশ হৈছে।

১৯৮৮ চনত তেখেতে “পাতাল ভৈৰৱী” গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা আৰু ২০০৪ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।

ড॰ বৰা অসম সাহিত্য সভাৰ ১৯৯৬ চনৰ বােকাখাত অধিবেশনৰ সভাপতি আছিল।

শেহতীয়াকৈ তেওঁ ‘গৰীয়সী’ আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

‘নিশাৰ পূৰৱী’ (১৯৬২) হ’ল তেখেতৰ প্ৰথম উপন্যাস। ‘কাল বলুকাত খােজ’ তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ।

তেওঁৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শােক প্ৰকাশ কৰিছে।

তেওঁ টুইট কৰি কয় ‘অপূৰ্ব কথনশৈলীৰে জনজীৱনক গভীৰভাবে চুই যোৱা বিৰল প্ৰতিভাধৰ সাহিত্যিক লক্ষ্মীনন্দন বৰাদেৱৰ পৰলোকপ্ৰাপ্তিত ৰাজ্যৰ সাহিত্য জগতৰ এক বৰ্ণিল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল। প্ৰয়াত সাহিত্যিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ।’

তেওঁ লগতে ডঃ লক্ষ্মীনন্দন বৰাৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি উল্লেখ কৰিছে।

Exit mobile version