বিশিষ্ট শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ পৰলােকপ্ৰাপ্তি

বিশিষ্ট শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ পৰলােকপ্ৰাপ্তি

September 30, 2020 0 By NEWS DESK

২੦১੦ ইং চনত সাহিত্য একাডেমীৰ বাল সাহিত্য পুৰস্কাৰ লাভ গগন চন্দ্ৰ অধিকাৰীৰ

গুৱাহাটী। অসমীয়া সাহিত্য জগতলৈ আন এক দুঃখবৰ!

ৰাজ্যৰ এগৰাকী বিশিষ্ট শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ পৰলােকপ্ৰাপ্তি।

বুধবাৰে (৩੦ চেপ্টেম্বৰ) সন্ধিয়া ৫.৪৫ বজাত শেষ নিস্বাস ত্যাগ বিশিষ্ট সাহিত্যিকগৰাকীৰ।

সমগ্ৰ ৰাজ্যৰ সাহিত্যপ্ৰেমীৰ ৰাইজৰ লগতে ওপজা ঠাই কামৰূপ জিলাৰ ছয়গাঁৱত শােকৰ ছাঁ।

গগন চন্দ্ৰ অধিকাৰী

তেওঁ দীৰ্ঘদিন ধৰি বৃক্ক তথা হৃদজনিত ৰােগত ভুগি আছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী মীৰা অধিকাৰীৰ লগতে এজন পুত্ৰ, কন্যাকএৰি থৈ যায়।

উল্লেখ্য যে ১৯৪১ চনৰ ১ জুনত ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত জন্ম হৈছিল গগন চন্দ্ৰ অধিকাৰীৰ।

২੦১੦ ইং চনত সাহিত্য একাডেমীৰ বাল সাহিত্য পুৰস্কাৰৰ লাভ কৰিছিল।

তেওঁ টকাত একোটা হাতী(১৯৮১), ৰ’দালি এ, ৰ’দ একন দে (১৯৮৮), কক্ ককৰে-কক্ কেকে-হুৱা(১৯৯০), টৰ্চ মৰা মহ, আখৰৰ গীত, মাখন মামাৰ সাধু, তিনিখন ঠেং হ’ল বুঢ়ী আইতাৰ আদি অসমৰ সাহিত্য জগতলৈ অৱদান আগবঢ়াইছিল।

তেওঁ ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।