বিশ্বৰ প্ৰথম ২০০ বিলিয়ন মাৰ্কিন ডলাৰৰ গৰাকী হ’ল বেজ’ছ

বিশ্বৰ প্ৰথম ২০০ বিলিয়ন মাৰ্কিন ডলাৰৰ গৰাকী হ’ল বেজ’ছ

August 28, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স। অনলাইনত কিতাপ বিক্ৰীৰে নিজৰ ব্যৱসায় আৰম্ভ কৰি বিশ্বৰ শীৰ্ষ ধনাঢ্য ব্যক্তি হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে জেফ্ বেজ’ছ।

কিন্তু কেৱল বিশ্বৰ সবাতােকৈ চহকী ব্যক্তি হােৱাৰ উপৰি প্ৰথমগৰাকী ২০০ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰ স্বত্বাধিকাৰী হােৱাৰ অভিলেখ গঢ়িলে আমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজ’ছে।

বুধবাৰে প্ৰথমবাৰৰ বাবে ২০০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰে তেওঁৰ সম্পত্তিৰ পৰিমাণ।

এই কৃতিত্বৰ অধিকাৰী হোৱা বিশ্বৰ প্ৰথমজন ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰিছে বেজ’ছে।

উল্লেখ্য যে জেফ্ বেজ’ছে ১৯৮৬ চনত প্ৰিন্সষ্টন বিশ্ববিদ্যালয়ৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিং আৰু কম্পিউটাৰ ছায়েন্সত ডিগ্ৰী গ্ৰহণ কৰি আমেৰিকাৰ মিয়ামিত বসবাস কৰিবলৈ লয়।

আমেৰিকাৰ ৱাল ষ্ট্ৰীটত ১৯৮৬ চনৰ পৰা বিভিন্ন ক্ষেত্ৰত কাম কৰি পিছলৈ ১৯৯৪ত আমাজন প্ৰতিষ্ঠা কৰে।