NEWS8 NE

বিহাৰৰ পৰা অসমলৈ সৰবৰাহৰ সময়তে জব্দ ৯৩ লাখ টকা! গাড়ীৰ স্পেয়াৰ চকাত লুকুৱাই কৰিছিল সৰবৰাহৰ চেষ্টা…

নিউজ ডেস্কঃ বিহাৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ সময়তে পশিমবংগ আৰক্ষীৰ জালত পৰিল ৫ সৰবৰাহকাৰীসহ প্ৰায় ৯৩ লাখ টকা নগদ ধন।

সোমবাৰে পশ্চিমবংগৰ জলপাইগুৰিত আৰক্ষীয়ে অভিযান চলাই এখন স্কৰপিঅ’ বাহনৰ স্পেয়াৰ চকাত লুকুৱাই অনা বৃহৎ পৰিমাণৰ ধনখিনি জব্দ কৰিবলৈ সক্ষম হয়।

পশ্চিমবংগ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিহাৰৰ পঞ্জীয়ন নম্বৰৰ ক’লা ৰঙৰ স্কৰপিঅ’ বাহনখনৰ ওপৰত আৰক্ষীৰ সন্দেহ হোৱাত আৰক্ষীয়ে প্ৰথমে বাহনখনত থকা ৫ জন লোকক আটক কৰি জেৰা চলায়।

ইয়াৰ পিছতে আৰক্ষীয়ে বাহনখনৰ স্পেয়াৰ চকাৰ ভিতৰত লুকুৱাই সৰবৰাহৰ চেষ্টা চলোৱা ৯৩.৮৩ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই বৃহৎ পৰিমাণৰ ধনখিনি বিহাৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰা হৈছিল।

অৱশ্যে কাক দিবলৈ এই ধনখিনি সৰবৰাহ কৰা হৈছিল সেই সন্দৰ্ভত এতিয়াও মুখ খোলা নাই ধৃত সৰবৰাহকাৰী কেইজনে।

ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বৃহৎ পৰিমাণৰ ধন বিজেপিৰ ক’লা ধন বুলি অভিযোগ উত্থাপন কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে, বিজেপিয়ে এনেদৰে হাৱালাৰ ধন সৰবৰাহ কৰিয়েই ক্ষমতাত বৰ্তি আছে।

অন্যহাতে শেহতীয়াকৈ বিহাৰ আৰু অসমৰ মাজত বৃদ্ধি পোৱা গৰু-ম’হৰ চোৰাং সৰবৰাহৰ পৰিপ্ৰেক্ষিতত তেনে কাৰণতে এই ধন সৰবৰাহ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

Exit mobile version