বিহাৰ নিৰ্বাচনত শােচনীয় পৰাজয় ‘বহুচৰ্চিত’ পুষ্পম প্ৰিয়াৰ!

বিহাৰ নিৰ্বাচনত শােচনীয় পৰাজয় ‘বহুচৰ্চিত’ পুষ্পম প্ৰিয়াৰ!

November 11, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। বিহাৰৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্লুৰালছ্ পাৰ্টীৰ পুষ্পম প্ৰিয়া চৌধুৰীয়ে শােচনীয় পৰাজয়ৰ সন্মুখীন হ’ল।

উল্লেখ্য যে লণ্ডন স্কুল অব ইক’নমিকছৰ প্ৰাক্তন ছাত্ৰী ২৮ বছৰীয়া পুষ্পম প্ৰিয়াই এটা সময়ত নিজকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰি সংবাদ মাধ্যমৰ শিৰােনাম দখল কৰিছিল।

আনকি প্ৰিয়াই ৰাজ্যৰ আগশাৰীৰ কাকতত নিজৰ বিষয়ে সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপন দি চৰ্চালৈ আহিছিল।

এইবাৰ নিৰ্বাচনত তেওঁ বাঁকিপুৰ আৰু বিছাফি আসনৰপৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু দুয়ােটা সমষ্টিতে শােচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

নিৰ্বচনী ফলাফলত ক্ষুণ্ণ হৈ পৰা প্ৰাৰ্থীগৰাকীয়ে ই ভি এম ‘হেক’ হোৱা বুলি অভিযোগ কৰিছে।

প্লুৰালছ্ পাৰ্টীৰ ভোট বিজেপিৰ পক্ষলৈ যোৱা বুলি তেওঁ দাবী কৰে।

উল্লেখ্য যে জে ডি ইউৰ বিধান পৰিষদৰ প্ৰাক্তন সদস্য বিনোদ চৌধুৰীৰ কন্যা পুষ্পম প্ৰিয়া।