NEWS8 NE

বিয়াৰ বাবে বিবাহ বাহৰ ঠিক কৰি ওভতাৰ পথতেই ঘটিল ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ! প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই

নিউজ ডেস্ক। কন্যাৰ বিবাহ অনুষ্ঠানৰ বাবে বিবাহথলী বুক কৰি অহাৰ সময়তে সংঘটিত এক শোকাবহ ঘটনাৰ প্ৰাণ গ’ল পিতৃ-কন্যাৰ!

বাংগালুৰুৰ উল্লাল অঞ্চলত বুধবাৰে সংঘটিত এক ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত অকাল মৃত্যুক সাৱটি লয় সেই সময়ত বাইকেৰে আহি থকা ৫৫ বছৰীয়া শিৱৰাজ আৰু ১৯ বছৰীয়া চৈতন্যাৰ।

জানিব পৰা মতে বুধবাৰে পিতৃ-কন্যাই চৈতন্যাৰ বিয়াৰ বাবে বিবাহ বাহৰ বুক কৰি বাইকেৰে উভতি আহিছিল। সেই সময়তে পথৰ দাঁতিৰ এটা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ ঘটাত গুৰুত্বৰভাৱে অগ্নিদগ্ধ হয় পিতৃ-কন্যা।

লগে লগে দুয়োকে ভিক্টোৰিয়া চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বুধবাৰে সন্ধিয়াই মৃত্যু ঘটে পিতৃ শিৱৰাজৰ।

আনহাতে হাস্পতালত মৃত্যুৰ সৈতে যুঁজি বৃহস্পতিবাৰে দিনৰ প্ৰায় দুই বজাত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় চৈতন্যাইও।

আৰক্ষীয়ে সদৰী কৰা মতে, ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ সময়ত ৰাস্তা পাৰ হবলৈ যত্ন কৰা পিতৃ-কন্যাক ট্ৰেন্সফৰ্মাৰৰ পৰা নিৰ্গত তেলে আগুৰি ধৰে আৰু নিমিষতে প্ৰচণ্ড জুইত দগ্ধ হয় দুয়োজন।

পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰি পিতৃ-কন্যাক হাস্পতাললৈ প্ৰেৰণ কৰে।

ইফালে কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক এছ.টি. সোমশেকাৰৰ নিৰ্দেশৰ পিছত জ্ঞানভৰ্থী আৰক্ষীয়ে অপৰাধমূলক অৱহেলাৰ অধীনত বাংগালুৰু বিদ্যুৎ যোগান কোম্পানী লিমিটেডৰ (বিইএছকম) কাৰ্যবাহী অভিযন্তা আৰু অন্যান্য বিষয়াসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

আনহাতে বুধবাৰে পুৱাৰে পৰা ট্ৰেন্সফৰ্মাৰৰ পৰা তেল নিৰ্গত হৈ থকা বুলি স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে।

Exit mobile version