বি টি আৰ চুক্তিক জিৰ’ অভিহিত বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ !

বি টি আৰ চুক্তিক জিৰ’ অভিহিত বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ !

August 28, 2020 0 By NEWS DESK

সমাগত বিটিএডি নিৰ্বাচন।

নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিএডিত চলিছে ব্যাপক তৎপৰতা।

ইয়াৰ মাজতে বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কৰিছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য।

বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বৃহস্পতিবাৰে বি টি আৰ চুক্তিক জিৰ’ বুলি অভিহিত কৰিছে।

হাগ্ৰামাই কয়- ‘বিটিআৰ চুক্তি জিৰ’৷ এই চুক্তিত বড়োসকলৰ নিৰাপত্তাৰ কথাহে আছে৷ বাকী জনগোষ্ঠীৰ একো কথা নাই৷ বিটিআৰ চুক্তিত আন জনগোষ্ঠীৰ সমান অধিকাৰ নাই৷ কিন্ত বিটিচি চুক্তিত সকলো জাতি-জনগোষ্ঠীৰ কথা উল্লেখ আছে৷ বিটিআৰ চুক্তিয়ে বড়ো জাতিক ধ্বংস কৰিব৷ বিটিআৰ চুক্তি কোনোপধ্যেই কাৰ্যকৰী নহয়।’

মহিলাৰীয়ে পুনৰ কয় যে, আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল, বিজেপি আৰু নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টিৰ ফলাফল শূন্য হব।

ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে প্ৰতিদ্বন্দ্বিতা কৰা দুখন আসনৰ এখন আসনতো জয়লাভ কৰিব নোৱাৰে বুলি মন্তব্য কৰে হাগ্ৰামাই।