বীৰ জোৱান সকলৰ সাহস আৰু বলিদানক কৃতজ্ঞতা সহকাৰে মনত ৰখা প্ৰয়োজনঃ ৰাষ্ট্ৰপতি !

বীৰ জোৱান সকলৰ সাহস আৰু বলিদানক কৃতজ্ঞতা সহকাৰে মনত ৰখা প্ৰয়োজনঃ ৰাষ্ট্ৰপতি !

August 14, 2020 0 By NEWS DESK

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ।

স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়াত দেশ-বিদেশত থকা সকলো ভাৰতীয়ক শুভেচ্ছা জ্ঞাপন কৰে ।

বীৰ জোৱান সকলৰ সাহস আৰু বলিদানক কৃতজ্ঞতা সহকাৰে মনত ৰখা প্ৰয়োজন বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতি কোৱিন্দে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কিছুদিনৰ পূৰ্বে গালোৱানত সংঘটিত হোৱা সংঘৰ্ষৰ সন্দৰ্ভত কয়- কৰ’ণাৰ সন্ত্ৰাসৰ মাজতে ভাৰতৰ কাষৰীয়া এখন ৰাষ্ট্ৰই অতি চতুৰালিৰে বিস্তাৰবাদী মনোভাৱক প্ৰশ্ৰয় দি যি কাম কৰিছিল সেই সকলোবোৰ চতুৰালি আমাৰ বাহাদুৰ জোৱানে প্ৰাণ দি হলেও বিফল কৰিলে ।

প্ৰতিজন ভাৰতীয়ৰ বুকুত শ্বহীদসকলৰ পৰিয়াললৈ সদায়েই কৃতজ্ঞতা ভাৱ থাকিব ।

দেশৰ শত্ৰুক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হব বুলিও মন্তব্য কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ।