বৃহৎ সাফল্য! ২৫ কােটি টকা মূল্যৰ হেৰােইন জব্দ অসম আৰক্ষীৰ

বৃহৎ সাফল্য! ২৫ কােটি টকা মূল্যৰ হেৰােইন জব্দ অসম আৰক্ষীৰ

September 28, 2020 0 By NEWS DESK

কাৰ্বি আংলং আৰক্ষীৰ সফল অভিযানত জব্দ হেৰোইন

বােকাজান। অসম আৰক্ষীয়ে ৰাজ্যজুৰি নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযানত এক বৃহৎ সাফল্য লাভ কৰিলে।

অসম-নাগালেণ্ড সীমান্তৰ পৰা বিশেষ অভিযানত জব্দ হ’ল প্ৰায় ২৫ কােটি টকা মূল্যৰ ৫ কিলােগ্ৰাম হেৰোইন।

এখন মালবাহী ট্ৰাকৰ পৰা উক্ত ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় কাৰ্বি আংলং জিলা আৰক্ষীৰ এটা দলে।

জব্দ ট্ৰাকখন

উক্ত ঘটনাৰ সংক্ৰান্তত আকবৰ আলী নামৰ এজন লােকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জব্দ কৰা হেৰােইনখিনি

উক্ত লােকজন বঙাইগাঁৱৰ যােগীঘােপা থানা এলেকাৰ বাসিন্দা।

গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিক্তিত তালাচী চলাই মণিপুৰৰ পৰা গুৱাহাটী অভিমুখি AS 01 KC 4951 নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে কাৰ্বি আংলং আৰক্ষীয়ে প্ৰতিবেশী নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ইয়াৰ পূৰ্বেও জব্দ কৰিবলৈ সক্ষম হৈছে।

মূলতঃ ম্যানমাৰৰ পৰা এই ড্ৰাগছখিনি অসম হৈ দেশৰ-বিদেশলৈ চােৰাং চালান হয় বুলি ইতিমধ্যে আৰক্ষীৰ তদন্তত পােহৰলৈ আহিছে।

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যােতি মহন্তই টুইটাৰত প্ৰকাশ কৰে যে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ যুদ্ধ অব্যাহত আছে।

असम पुलिस काे मिली बड़ी सफलता, 25 कराेड़ की हेराेईन जब्द