বৃহৎ সিদ্ধান্ত ! এতিয়াৰে পৰা বাইকত ৫লিটাৰ আৰু ৪চকীয়া বাহনত ১০ লিটাৰকৈহে পাব পেট্ৰ’ল-ডিজেল…

বৃহৎ সিদ্ধান্ত ! এতিয়াৰে পৰা বাইকত ৫লিটাৰ আৰু ৪চকীয়া বাহনত ১০ লিটাৰকৈহে পাব পেট্ৰ’ল-ডিজেল…

August 13, 2020 0 By NEWS DESK

এতিয়াৰে পৰা অতিৰিক্তভাৱে লাভ নকৰে পেট্ৰ’ল আৰু ডিজেল । 

২চকীয়া বাহনত ৩ৰ পৰা ৫লিটাৰ আৰু ৪চকীয়া বাহনত ১০ লিটাৰকৈহে পাব পেট্ৰ’ল-ডিজেল ।

অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত লোৱা হৈছে বৃহৎ সিদ্ধান্ত ।

লকডাউনৰ বাবে পেট্ৰল আৰু ডিজেল পৰিবহন কৰা বাহন সমূহ সময়মতে ৰাজ্য খনত উপস্থিত হ’ব নোৱাৰাৰ ফলত পেট্ৰ’ল-ডিজেলৰ লৈ সৃষ্টি হোৱা সমস্যাৰ পৰিপেক্ষিতত উপায়বিহীন এই সিদ্ধান্ত গ্ৰহণ কৰিছে মিজোৰাম চৰকাৰে চৰকাৰীভাৱে জাননি জাৰি কৰিছে ।

জাননীত উল্লেখ কৰা অনুসৰি এতিয়াৰে পৰা ৰাজ্য খনত স্কুটাৰত পাব ৩ লিটাৰ, বাইকত ৫লিটাৰ, ৪ চকীয়া পাতল বাহনত ১০ লিটাৰ, মিনি ট্ৰাক বা টেম্পোত ২০ লিটাৰ আৰু বাছ বা ট্ৰাকত লাভ কৰিব ১০০ লিটাৰ পেট্ৰ’ল-ডিজেল ।

ইয়াৰ বাহিৰে অন্য কোনো গেলন বা সামগ্ৰীত দিয়া নহব তেল ।