Site icon NEWS8 NE

বেডমিণ্টন কৰ্টত লাইট জ্বলোৱাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰৰ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। বেডমিণ্টন খেলিবৰ বাবে কৰ্টত লাইট জ্বলোৱাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন ছাত্ৰৰ।

এই ঘটনা দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হয় বাংলাদেশৰ চিটগাঁৱৰ ডিভিজনৰ কমিলা জিলাৰ লাকচাম উপ-জিলাৰ ৫ নং ৱাৰ্ডৰ পশ্চিমগাঁও মিয়াপাৰাত।

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ছাত্ৰজনক আৰাফাত ৰহমান (১৬) বুলি জানিব পৰা যায়।

তেওঁ আল আমিন ইনষ্টিটিউট বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল। ছাত্ৰজনৰ মৃত্যুৰ খবৰ মুহূৰ্ততে বিয়পি পৰে সামাজিক মাধ্যমত।

স্থানীয় লোকে জনোৱা অনুসৰি, আৰাফাত ৰহমানে সন্ধিয়া ঘৰৰ কাষত বেডমিণ্টন খেলিবলৈ গৈছিল।

সেই অনুসৰি বেডমিণ্টন কৰ্টত পোহৰৰ বাবে লাইট জ্বলাবলৈ বিদ্যুৎ সংযোগ কৰোঁতে তেওঁ বিদ্যুৎস্পৃষ্ট হয়।

লগে লগে স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰে আৰু লাকচাম জেনেৰেল হস্পিটেললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ঘটনাটো নিশ্চিত কৰি লকচাম আৰক্ষী থানাৰ বিষয়া মেজবাহ উদ্দিন ভূঁইয়াই কয় যে, আৰক্ষীৰ এটা দলে তথ্য লাভ কৰাৰ পিছত ঘটনাস্থলীলৈ যায়। কিন্তু ছাত্ৰজন আৰু আত্মীয়ক তাত পোৱা নাযায়।

পৰৱৰ্তী সময়ত ছাত্ৰজনৰ মৃতদেহ আত্মীয়সকলে মনোহৰগঞ্জ উপজিলাৰ লক্ষ্মণপুৰ ইউনিয়নত থকা তেওঁলোকৰ গাওঁৰ ঘৰলৈ লৈ যায়।

Exit mobile version