‘ব্লেক পেন্থাৰ’ খ্যাত হলীউডৰ অন্যতম অভিনেতা চাদৱুইক বোছমেনৰ মৃত্যু !

‘ব্লেক পেন্থাৰ’ খ্যাত হলীউডৰ অন্যতম অভিনেতা চাদৱুইক বোছমেনৰ মৃত্যু !

August 29, 2020 0 By NEWS DESK

মাৰভেল কমিকছৰ বিখ্যাত ছবি ‘ব্লেক পেন্থাৰ’ খ্যাত হলীউডৰ অন্যতম অভিনেতা চাদৱুইক বোছমেন(Chadwick Boseman)ৰ মৃত্যু।

কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় কৃষ্ণাংগ অভিনেতাগৰাকীৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৩ বছৰ।

৪ বছৰ পূৰ্বে ক’ল’ন কেঞ্চাৰক আক্ৰান্ত হৈছিল বোছমেন।

অভিনেতাগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে মৃত্যু হয় চেদৱুইকৰ।

আমেৰিকাৰ এগৰাকী কৃষ্ণাংগ অভিনেতা হিচাপে বহুখিনি সাফল্য লাভ কৰিছিল বোছমেনে।