Site icon NEWS8 NE

বৰদিনৰ পূৰ্বে কোভিড-১৯ত আক্ৰান্ত শিশুৰ মাজত উপহাৰ বিতৰণ ছাণ্টাৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলৰ বাবে বছৰটোৰ এটা বিশেষ দিন বৰদিন। বিশেষকৈ শিশু সকলে এই বিশেষ দিনটোৰ বাবে ৰৈ থাকে আগ্ৰহেৰে।

ছাণ্টাই দি যোৱা ৰঙা-নীলা উপহাৰৰ টোপোলাৰে শিশুসকলৰ বাবে বিশেষ হৈ পৰে খ্ৰীষ্টমাছৰ সন্ধিয়াটো।

কিন্তু বিশ্বব্যপী আতংকৰ সৃষ্টি কৰা কোভিড মহামাৰীৰ বাবে যোৱা দুটা বছৰ ম্লান পৰিছে খ্ৰীষ্টমাছৰ আনন্দ। শিশুসকলে ঘৰতে আবদ্ধ থাকিবলগা হোৱাত ছাণ্টাৰ উপহাৰৰ পৰা বঞ্চিত হবলগা হৈছে।

অৱশ্যে এইবাৰ বৰদিনৰ প্ৰাকক্ষণত শিশুসকলৰ বাবে পুনৰ উপহাৰৰ টোপোলা লৈ আহিছে ছাণ্টাই।

বিশেষকৈ কোভিড আক্ৰান্ত হৈ আইশ্য’লেট হৈ থাকিবলগা হোৱা শিশু সকলক ছাণ্টাই বৰদিনৰ উপহাৰ প্ৰদান কৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

পেৰুত এগৰাকী ছাণ্টাই অগ্নি নিৰ্বাপক ইঞ্জিনত উঠি কোভিড-১৯ত আক্ৰান্ত শিশু সকলক প্ৰদান কৰে বৰদিনৰ উপহাৰ।

পেৰুৰ ৰাজধানী লিমাৰ পেন আমেৰিকান ভিলেজত ছাণ্টাই অগ্নি নিৰ্বাপক ইঞ্জিনত উঠি খিৰিকীৰ ওচৰত ৰৈ থকা কোভিড আইশ্য’লেট হৈ থকা শিশু সকলক উপহাৰ প্ৰদান কৰাৰ দৃশ্যই যেন পুনৰ বৰদিনৰ আনন্দ ঘূৰাই আনিছে।

পেন আমেৰিকান ভিলেজৰ সঞ্চালক জুয়ান অৰিউণ্ডোৱে কয়, “যিহেতু এইবোৰ কোভিড অঞ্চল, আপুনি পৰোক্ষভাৱে যাব নোৱাৰে। কিন্তু ছাণ্টা আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে এটা সমাধান উলিয়াই লৈ শিশু সকলক বৰদিনৰ আনন্দ প্ৰদান কৰিছে।”

ছাণ্টা ক্লজৰ ছদ্মবেশধাৰী পল চুয়াৰেজে কয়, “বৰদিন শিশুসকলৰ বাবে বছৰটোৰ আটাইতকৈ স্ফূৰ্তিৰ দিন। এই দিনটোত তেওঁলোক উপহাৰৰ পৰা বঞ্চিত হোৱা অনুচিত।”

উল্লেখ্য যে, অহা ২৫ ডিচেম্বৰত বিশ্বজুৰি পালন হব বৰদিনৰ সন্ধিয়া।

Exit mobile version