Site icon NEWS8 NE

বৰনদীত নাও বুৰি কথমপি প্ৰাণৰক্ষা শিশুসহ অৰ্ধশতাধিকৰ

নিউজ ডেস্ক। বগামাটিৰ বৰনদীত সংঘটিত হ’ল এটা শিহৰণকাৰী নাও দুৰ্ঘটনা।

বগামাটিৰ বনভোজস্থলীত আনন্দ-উল্লাসৰ মাজতে বনভোজকাৰী দলৰ শিশু-পুৰুষ-মহিলাসহ অৰ্ধশতাধিক লোক থকা নাও এখন ডুবি যায় বৰনদীৰ পানীত।

বনভোজকাৰীসকলে নদীখন ইপাৰ-সিপাৰ হ’বলৈ নাওখনত উঠিছিল।

অধিক যাত্ৰী কঢ়িওৱাৰ বাবে নাওখন পানীত ডুব যায়।

নাওখন বৰনদীৰ মাজভাগত ডুব যোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে।

লগে লগে নৈৰ পাৰত থকা অন্য নাওচালক আৰু স্বেচ্ছাসেৱী সংগঠনৰ সদস্যই পানীত জঁপিয়াই উদ্ধাৰ কৰে শিশু, পুৰুষ-মহিলাসহ নাওখনৰ যাত্ৰীসকলক, ফলত কথমপি প্ৰাণ ৰক্ষা পৰে বনভোজ খাবলৈ অহা অৰ্ধশতাধিক লোকৰ।

অৱশ্যে এই নাও দুৰ্ঘটনাৰ ফলত বৰনদীৰ পানীত পৰে বহুতৰে ম’বাই ফোন, মানি বেগ আৰু মূল্যৱান সামগ্ৰী।

Exit mobile version