বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠ দেৱ শৰ্মা কৰ’ণাত আক্ৰান্ত!

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠ দেৱ শৰ্মা কৰ’ণাত আক্ৰান্ত!

October 21, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠ দেৱ শৰ্মা।

বুধবাৰে তেওঁ আক্ৰান্ত হয় কোভিড ১৯ত।

বৰ্তমান তেওঁক লৈ যোৱা হৈছে বৰপেটা কোভিড চেন্টাৰলৈ।

বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ বোৱাৰী আৰু এগৰাকী নাতিনীও আক্ৰান্ত হৈছে কৰ’ণাত৷

ৰেপিড টেষ্টতে ধৰা পৰে তিনিওৰে কৰ’ণাত আক্ৰান্ত হোৱাৰ তথ্য৷

৮৪ বছৰীয়া বশিষ্ট দেব শৰ্মা যোৱা কিছুদিন ধৰি পানীলগাত আক্ৰান্ত হৈছিল।

বুঢা সত্ৰাধিকাৰ গৰাকীৰ আশু আৰোগ্য কামনা ৰাজ্যবাসীৰ।